১২১ কোটিটকীয়া কেলেংকাৰিত প্রাক্তন অধ্যক্ষৰ বিৰুদ্ধে চার্জশ্বীট দাখিল
নিয়মীয়া বাৰ্তা, ২৩ মেঃ অসম গৃহ আৰু অন্যান্য নির্মাণ শ্রমিক উন্নয়ন ব’ডত সংঘটিত ব্যাপক অনিয়ম সন্দর্ভত শুকুৰবাৰে আন এখন চার্জশ্বীট দাখিল কৰে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে৷ গুৱাহাটীৰ বিশেষ আদালতত ব’ডৰ প্রাক্তন অধ্যক্ষ গৌতম বৰুৱাৰ বিৰুদ্ধে এই চার্জশ্বীটখন দাখিল কৰা হয়৷ ইতিমধ্যে এই গোচৰটোৰ তদন্ত সম্পূর্ণ কৰিছে তদন্তকাৰী গোটে৷ শেহতীয়াভাৱে নতুন দিল্লীত বৰুৱাক গ্রেপ্তাৰ কৰাৰ পিছতে নির্ধাৰিত সময়ত চার্জশ্বীটো দাখিল কৰিছে বিশেষ তদাৰকী কোষে৷
উল্লেখ্য যে শ্রম আয়ুক্ত তপন শর্মাই দাখিল কৰা এক অভিযোগৰ ভিত্তিত ব’ডত সংঘটিত বৃহৎ কেলেংকাৰিৰ এটা গোচৰ ৰুজু কৰা হৈছে৷ ব’ডৰ প্রাক্তন অধ্যক্ষ বৰুৱাসহ আন একাংশ বিষয়া–কর্মচাৰীৰ সহযোগত প্রায় ১২১ কোটি টকাৰ অনিয়ম সংঘটিত হৈছিল৷ প্রাথমিক তদন্তৰ অন্তত মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে এই অনিয়ম সন্দর্ভত ২০১৭ চনত ৯/২০১৭ নম্বৰৰ এটা গোচৰ ৰুজু কৰে৷ ইতিমধ্যে এই গোচৰটোত ব’ডৰ প্রাক্তন সদস্য সচিব চোহান দলে, ঠিকাদাৰ প্রিয়াংশু বৈৰাগী, তদানীন্তন প্রশাসনিক বিষয়া নগেন্দ্র নাথ চৌধুৰীক গ্রেপ্তাৰ কৰিছিল৷
অৱশ্যে দীর্ঘদিনে প্রাক্তন অধ্যক্ষ বৰুৱাই আৰক্ষীৰ চকুত ধূলি দি পলাই থাকিবলৈ সক্ষম হয়৷ যোৱা ২৪ ফেব্রুৱাৰীত তেওঁক দিল্লীৰ এটা এপার্টমেণ্টত লুকাই থকা অৱস্থাত গ্রেপ্তাৰ কৰা হৈছে৷ ২০১৩ৰ পৰা ২০১৬ চনলৈ আবণ্টন কৰা এই ধনৰাশি বিভিন্ন ভুৱা কামৰ বাবদ ঠিকাদাৰৰে মিলি আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ চার্জশ্বীটত ৩৭জন সাক্ষীৰ লগতে ১৭৪খন নথি দাখিল কৰা হৈছে৷