নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবছৰত মৰিগাঁৱত ২২০টা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ

বার্তা বুৰো, মৰিগাঁও ১৯ ছেপ্টেম্বৰঃ চাইবাৰ অপৰাধীৰ মুক্ত বিচৰণস্থলীত পৰিণত হৈছে মৰিগাঁও জিলাৰ সংখ্যালঘু বসতিপ্ৰধান এলেকা। সহজ ধনৰ আশাত একাংশ বিশেষ সম্প্ৰদায়ৰ যুৱকৰ বাবে এতিয়া চাইবাৰ অপৰাধ এক দৈনন্দিন জীৱনৰ অংগ হৈ পৰিছে আৰু ইয়াৰ লগে লগে বিপজ্জনক হৈ পৰিছে সৰ্বসাধাৰণৰ জীৱন। এজন ব্যক্তিয়ে গম নোপোৱাকৈ লক্ষ লক্ষ ধনৰ হৰলুকী হৈছে তেওঁৰ একাউণ্ট ৰ পৰা। এলেকা বিগত এটা বৰ্ষত ২০০তকৈ অধিক চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ হৈছে মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অভিযানত। কালি সমগ্ৰ নিশা মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত আৰক্ষীৰ কেইবাটাও অভিজানকাৰী দলে লাহৰীঘাট, মৈৰাবাৰী আদিৰ বিভিন্ন গোপন স্থানত অভিযান চলাই ১০টা চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। মৈৰাবাৰী আৰু লাহৰীঘাট থানা এলেকাৰ পৰা গ্ৰেপ্তাৰ হোৱা এই চাইবাৰ অপৰাধীকেইটাই বিভিন্ন সময়ত ভুৱা পান কাৰ্ড, আধাৰ কাৰ্ড আদি ব্যৱহাৰ কৰি বিভিন্ন বিত্তীয় এপছৰ জৰিয়তে লাখ লাখ টকা সৰকাবলৈ সক্ষম হৈছিল। উল্লেখ্য মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত এটা বছৰতে ২২০টা চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। উল্লেখ্য মৈৰাবাৰী থানা এলেকাত কালি গ্ৰেপ্তাৰ হয় জাহ্নুৰ আলী, ফিৰদুছ আলী, ওৱাকিবুৰ ৰহমান, হুছেইন জাহাংগীৰ আলী, বাবুল ইছলাম। আনহাতে এহিয়া আহমেদ এজন স্বাস্থ্যজনিত কাৰণত NMCHত চিকিৎসাধীন৷ এইজন এহিয়া আহমেদ ইয়াৰ পূৰ্বে মুম্বাই আৰক্ষীয়ে চাইবাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল৷ মৰিগাঁও আৰক্ষীয়ে একে সময়তে অভিযান চলাই লাহৰীঘাট থানা এলেকাত ৰফিকুল ইছলাম, ৰুকুনউদ্দিন, আব্দুল কাছেম,জিকাৰুল ইছলামক গ্ৰেপ্তাৰ কৰে৷ অভিযান কালত পানকাৰ্ড মুঠ ২৪খন, ছিমকাৰ্ড ৮০খন, এখন আৰ্টিগা বাহন, মবাইল ১১টা, ফিংগাৰ প্ৰিণ্ট মেচিন ১টা মবাইল ১৮টা, ডেবিট কাৰ্ড ১৬খন, নগদ ধন ৪০ হাজাৰ জব্দ কৰে৷

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like