নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছবিত অভিনয়ৰ প্রলোভন দি মুম্বাইত মহিলাক ধ*র্ষণ দুর্বৃত্তৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ ফেব্ৰুৱাৰীঃ চলচ্চিত্রত অভিনয়ৰ সুযোগ দিয়াৰ প্রতিশ্রুতি দি এগৰাকী মহিলাক একাধিকবাৰ ধর্ষণ কৰাৰ অভিযোগ উঠিছে এজন ব্যক্তিৰ বিৰুদ্ধে৷ অভিযুক্তক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ একেটা ঘটনাত নির্যাতিতা মহিলাৰ বান্ধৱীৰ বিৰুদ্ধেও ভাবুকি প্রদানৰ অভিযোগ অনা হৈছে৷ বান্ধৱীৰ স্বামী আৰু কন্যায়ো এই মহিলাগৰাকীক ভাবুকি দিছিল বুলি অভিযোগ দাখিল কৰা হৈছে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি নির্যাতিতা মহিলাগৰাকী মুম্বাইৰ থানে অঞ্চলৰ বাসিন্দা৷ ৩৪ বছৰ বয়সীয়া মহিলাগৰাকীৰ চিনেমাত অভিনয় কৰাৰ হেঁপাহ আছিল৷ ইয়াৰ সুযোগ লয় অভিযুক্তই৷ উল্লেখনীয় যে বান্ধৱীৰ জৰিয়তে অভিযুক্ত ব্যক্তিজনৰ সৈতে পৰিচয় হৈছিল মহিলাগৰাকীৰ৷ নির্যাতনৰ কথা বান্ধৱীক জনোৱাৰ পিছত মহিলাগৰাকীক বান্ধৱীয়েও ভাবুকি প্রদান কৰে৷

You might also like