নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত জিলা আয়ুক্তৰ কাৰ্যালয়তে ৰাজপত্ৰিত বিষয়াক দুৰ্বৃত্তৰ ছুৰিকাঘাত

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰ : মৰিগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ভিতৰতে এজন ৰাজপত্ৰিত বিষয়াক দুৰ্বৃত্তই ছুৰিকাঘাত কৰে। ইফালে এই ছুৰিকাঘাতৰ ঘটনাত এজন বিধায়ক জৰিত বুলি আহত বিষয়া জনে অভিযোগ তোলা ঘটনাই জিলা প্ৰশাসনৰ ভিতৰে বাহিৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য মতে মৰিগাঁও জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত সংলগ্ন হৈ থকা জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কাৰ্যালয়ৰ সহকাৰী সঞ্চালক মতিনুৰ ৰহমানৰ কোঠাত আজি বিয়লিৰ ভাগত এটা দুৰ্বৃত্তৰ দল প্ৰবেশ কৰি বিভাগীয় কোনো এক বিষয়ক লৈ তীব্ৰ বাকযুদ্ধত লিপ্ত হয়। পৰবৰ্তী সময়ত দলটোৰ এজনে পকেটৰ পৰা এখন চুৰি উলিয়াই সহকাৰী সঞ্চালক মতিনুৰ ৰহমানৰ হাতৰ অংশত আঘাত কৰে। এই ঘটনাটোৰ পিছতে জিলা আয়ুক্তৰ কাৰ্যালয় প্ৰাংগনত এক হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয়। ঘটনাৰ পিছতে আৰক্ষী বাহিনী উপস্থিত হৈ ঘটনাটোত জৰিত খাইৰুল ইছলাম (৩৪) নামৰ যুৱক এজনক আটক কৰে। ধৃত যুৱকজনৰ ঘৰ গৰৈমাৰীত আৰু জিলাখনৰ নগাবন্ধা সমবায় সমিতিৰ সভাপতি আব্দুল মতিনৰ জোৱাঁই বুলি জানিব পৰা গৈছে। আঘাতপ্ৰাপ্ত যোগান বিভাগৰ বিষয়া ৰহমানে তেওঁৰ ওচৰত চলা আজিৰ এই আক্ৰমণৰ ঘটনাত লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঃ আচিফ নাজাৰ জৰিত থকাৰ অভিযোগ কৰিছে। বিধায়কগৰাকীয়ে প্ৰায় দুবছৰ ধৰি তেওঁক বিভাগীয় বিভিন্ন বিষয়ত মানসিক আতিশয্য চলাই আহিছিল বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে বিষয়াগৰাকীয়ে। মৰিগাঁও আৰক্ষীয়ে এই ঘটনাৰ জোৰ তদন্ত অব্যাহত ৰাখিছে।

প্ৰেৰক প্ৰতাপ হাজৰিকা

You might also like