সম্পাদকীয় : ভ্রাম্যমাণৰ দিশ পৰিৱর্তন
অসমৰ নাট্য বিনোদন ক্ষেত্রখনত ভ্রাম্যমাণ থিয়েটাৰ এটা গুৰুত্বপূর্ণ অধ্যায়৷ অর্ধশতিকা অতিক্রম কৰা ভ্রাম্যমাণ থিয়েটাৰ মূলতঃ এটা ব্যৱসায়িক প্রতিষ্ঠান আৰু এই ব্যৱসায়ী মনোভাবৰ বাবেই থিয়েটাৰ দীর্ঘদিন জীয়াই আছে৷ কোনোবা এখন থিয়েটাৰ বন্ধ হৈ যোৱা বা চলাব নোৱাৰাৰ মাজতে ভাগি যোৱা অৱস্থাও হৈছে৷ তাৰ বিপৰীতে নতুন নতুন নাট্যদলৰো জন্ম হৈছে৷ সামগ্রিকভাৱে থিয়েটাৰৰ ধাৰাবাহিকতাত যতি পৰা নাই৷ টেলিভিছনৰ আগমন, দক্ষিণ ভাৰতীয় চিনেমাৰ সহজলভ্য, কাৰিকৰী কাম কৰা টেকনিচিয়ানৰ সংখ্যা বৃদ্ধি আদিয়ে সামগ্রিকভাৱে ভ্রাম্যমাণৰ চেহেৰা সলনি কৰি দিছে৷ টিভি ছিৰিয়েল আদিৰ সংখ্যা বৃদ্ধিয়ে অসমত অভিনয়ক জীৱিকা হিচাপে ল’বলৈ অহা যুৱক–যুৱতীৰ সংখ্যা বঢ়াই নি আছে আৰু তেওঁলোকৰ বহুতেই ভ্রাম্যমাণ থিয়েটাৰত অভিনয়েৰে বুজন পৰিমাণৰ ধন উপার্জন কৰিছে৷ ব্যৱসায় সফল হোৱাটো ভ্রাম্যমাণৰ প্রথম চর্ত, নাটকৰ কথাটো দ্বিতীয় স্থানত৷ ব্যৱসায়ত টিকি থাকিবলৈ আৰু সফল হ’বলৈ চমকৰ প্রয়োজন থাকিবই আৰু ভ্রাম্যমাণ থিয়েটাৰে জন্মলগ্ণৰ পৰাই বিভিন্ন চমকৰ সৃষ্টি কৰি দর্শকক থিয়েটাৰৰ প্রতি সজাগ কৰি ৰাখিছে৷ নটৰাজ থিয়েটাৰৰ স্রষ্টা অচ্যুত লহকৰে নাটকৰ বিষয়বস্তুৰে চমক দিছিল, কেতিয়াবা ইংৰাজীত নাম দিছিল ব্লেকমানী, কেতিয়াবা নাটকৰ লগত চিনেমাৰ সংযোগ ঘটাই চিনে থিয়েটাৰ নাম দিছিল৷ কহিনুৰ থিয়েটাৰে হেমন্ত মিশ্রৰ দৰে প্রখ্যাত চিত্রশিল্পীৰ হতুৱাই ল’গ’ অঁকাই চমক দিছিল, মঞ্চত দ্বৈত অভিনয়েৰে চমক দিছিল, মঞ্চত টাইটানিক প্রদর্শন কৰি চমক দিছিল৷ আৱাহন থিয়েটাৰে ভবেন্দ্র নাথ শইকীয়াক ভ্রাম্যমাণৰ বাবে নাটক লেখিবলৈ আৰু পৰিচালনা কৰিবলৈ বাধ্য কৰাই এক বিশাল চমক দিছিল৷ অভিনেত্রীৰ আকর্ষণীয় দেহবল্লৰীৰ ফটোৰে চমক দিছিল ভাগ্যদেৱী থিয়েটাৰে৷ এনেকুৱা চমকৰ অভাৱ নাই আৰু এনেকুৱা বিচিত্র চমকে থিয়েটাৰৰ দিনবোৰ সজীৱ কৰি ৰাখিছে৷
শেহতীয়াভাৱে দেখা গৈছে যে মঞ্চখনক প্রচলিত ৰূপতেই নাৰাখি তাক বহলাই দিয়া হৈছে৷ মঞ্চৰ পৰা ৰেম্প লগাই দিয়া হৈছে আৰু সেই ৰেম্পেৰে আহি অভিনেতা–অভিনেত্রীয়ে দর্শকৰ মাজত নাচগান কৰিছে৷ কেতিয়াবা মটৰচাইকেল–জীপ আদি চলাইছে, চোৰ–পুলিচে দৌৰাদৌৰি কৰিছে৷ নাটকখনত এইবোৰ একো একোটা অলংকাৰ আৰু দর্শকে ওচৰৰ পৰা অভিনেতা–অভিনেত্রীক দেখা পাই আনন্দ উপভোগ কৰিছে৷ কিন্তু শেহতীয়াভাৱে চমক দিবলৈ সৃষ্টি কৰা কৌশলত কাৰিকৰী বিজুতি ঘটাৰ ফলত এগৰাকী অভিনেতা এনে ৰেম্পৰ পৰা মটৰচাইকেলসহ বাগৰি পৰা বাতৰি এটা প্রচাৰ হৈছে৷ কাৰিকৰী বিজুতি সকলোতে ঘটিব পাৰে৷ এই দুর্ঘটনাই এটা কথা সকীয়াই দিয়ে যে নাট্যদলবোৰ এই দিশত আৰু অধিক সচেতন হ’ব লাগিব৷ প্রযোজক–পৰিচালকে চাব লাগিব যে এনেকুৱা ষ্টাণ্ট কৰিবলৈ অভিনেতা–ভিনেত্রীসক শাৰীৰিক সক্ষমতা আছে নে নাই৷ তাৰ লগতে আৰু এটা জৰুৰী কথা হ’ল– দর্শকৰ নিৰাপত্তা৷ আদবয়সীয়া অভিনেতাই ষ্টাণ্ট কৰিবলৈ গৈ দর্শকৰ গাত পৰিলে দর্শকৰ হ’ব পৰা ক্ষতিৰ বাবে উত্তৰদাতা কোন হ’ব– অভিনেতাগৰাকী নে থিয়েটাৰ কর্তৃপক্ষ৷ গেলেৰী বা শেষৰ পিনে বহা দর্শকে দূৰৰ মঞ্চৰ অভিনেতা–অভিনেত্রীৰ চেহেৰা ভালদৰে দেখা নাপায়৷ সেই অভিনেতা–অভিনেত্রী দর্শকৰ মাজলৈ আহি দর্শকৰ লগত সম্বন্ধ স্থাপন কৰা এনে ধৰণৰ কৌশল এটা নতুন সংযোজন৷ নতুন বস্তুক বাধা দিয়াটো মানুহৰ এটা স্বাভাৱিক প্রতিক্রিয়া৷ কিন্তু ভ্রাম্যমাণৰ দৰে ব্যৱসায়িক প্রতিষ্ঠান একোটিয়ে দর্শকক সন্তুষ্ট কৰিবলৈ নতুন নতুন চমক দিয়াটোত একো আচৰিত হ’বলগীয়া কথা নাই৷ কিন্তু মনযোগ দিবলগীয়া কথাটো হৈছে– দর্শকৰ নিৰাপত্তা৷ নাট্যদলবোৰে এই দিশটোৰ ওপৰত মনযোগ নিদিলে দর্শক অসন্তুষ্ট হ’বলৈ বেচি সময় নালাগিব৷ ভ্রাম্যমাণৰ এই চমকত দর্শকে বিশেষ একো আপত্তি কৰা নাছিল, আপত্তি আৰম্ভ হৈছিল দর্শকৰ নিৰাপত্তা বিঘ্ণিত হোৱাতহে আৰু এইটো এটা স্বাভাৱিক প্রতিক্রিয়া৷ এটা কথা ঠিক যে ভ্রাম্যমাণত একোটা চমক বেছিদিন স্থায়ী নহয়, নতুন নতুন চমক আহিয়েই থাকিব৷ সেয়ে চমকৰ কাৰণে যাতে দর্শক থিয়েটাৰৰ পৰা দূৰত থাকিবলগীয়া নহয়, সেই কথাৰ নিশ্চিতি প্রদানৰ দায়িত্ব প্রযোজকসকলৰ৷