দ্বিতীয় এদিনীয়াত পৰাস্ত ইংলেণ্ড : শৃংখলা দখল টীম ইণ্ডিয়াৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ ফেব্ৰুৱাৰীঃ দীর্ঘদিনীয়া প্রতীক্ষাৰ অন্তত শতকৰ মুখ দেখিলে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাই৷ ৩৩৯ দিন পাছত এদিনীয়া ক্রিকেটত শতকীয় ইনিংছ খেলি হৃত ফর্ম উদ্ধাৰৰ ইংগিত দিলে ৰোহিতে৷ এদিনীয়া ক্রিকেটত ৩২সংখ্যক শতক অর্জন কৰা ৰোহিতে ৩৩৯ দিন পূর্বে ধৰমশালাত ইংলেণ্ডৰ বিৰুদ্ধে খেলা টেষ্টখনত শতক অর্জন কৰিছিল৷ ইফালে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপত আফগানিস্তানৰ বিপক্ষে অন্তিমটো শতক অর্জন কৰিছিল হিটমেনে৷ আন্তর্জাতিক ক্রিকেটত টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীৰ এয়া আছিল ৪৯সংখ্যক শতক৷ কটকত ইংলেণ্ডৰ বিপক্ষে অনুষ্ঠিত দ্বিতীয়খন এদিনীয়া মেচত অধিনায়ক ৰোহিত শর্মাৰ শতকীয় ইনিংছৰ সহায়ত টীম ইণ্ডিয়াই ইংৰাজ বাহিনীক ৪ উইকেটত পৰাস্ত কৰে৷ মেচখনত বিজয় সাব্যস্ত কৰি ঘৰুৱা দলটোৱে ২–০ৰ অগ্রগতিৰে তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটো হস্তগত কৰে৷ আলহী দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ৩০৫ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ৰোহিত শর্মাৰ দুর্দান্ত ১১৯, শুভমন গিলৰ দর্শনীয় ৬০, শ্রেয়াছ আয়াৰৰ ৪৪ আৰু অক্ষৰ পেটেলৰ অপৰাজিত ৪১ ৰানৰ সহায়ত ভাৰতে ৪৪.৩ অভাৰত ৬টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ অধিনায়ক ৰোহিত শর্মা আৰু শুভমন গিলে প্রথম উইকেটৰ যুটীত ১৩৬ ৰান সংগ্রহ কৰি দলক চমকপ্রদ আৰম্ভণি দিয়ে৷ ইফালে প্রথমখন এদিনীয়াত অংশ লোৱাৰ পৰা বিৰত থকা কোহলিয়ে আজি দললৈ প্রত্যাৱর্তন কৰে যদিও মাত্র পাঁচ ৰান কৰি পেভেলিয়নমুখী হয়৷ লোকেশ ৰাহুল আৰু হার্দিক পাণ্ডিয়া উভয়ে ১০ ৰানকৈ কৰাৰ বিপৰীতে জাদেজাই ১১ ৰান কৰি অপৰাজিত হৈ থাকে৷ ইংলেণ্ডৰ হৈ জেমি অ’ভাৰটনে সর্বাধিক দুটা উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি বেন ডাকেট আৰু জ’ ৰুটৰ অর্ধশতকৰ সহায়ত ইংলেণ্ডে ৪৯.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৩০৪ ৰান সংগ্রহ কৰে৷ ৰুটে সর্বাধিক ৬৯ ৰান কৰাৰ বিপৰীতে ডাকেটে ৬৫ ৰানৰ অৰিহণা আগবঢ়ায়৷ ইফালে লিয়াম লিভিংষ্টনে ৪১ ৰান, অধিনায়ক জ’ছ বাটলাৰে ৩৪ আৰু হেৰী ব্রুকে ৩১ ৰানৰ অৱদান আগবঢ়ায়৷ অ’পেনাৰ ফিল ছল্টে ২৬ ৰানত পেভিলিয়নমুখী হয়৷ টীম ইণ্ডিয়াৰ হৈ ৰবীন্দ্র জাদেজাই সর্বাধিক তিনিটা উইকেট লাভ কৰাৰ লগতে মহম্মদ ছামি, হর্ষিত ৰাণা, হার্দিক পাণ্ডিয়া আৰু এদিনীয়া ক্রিকেটত অভিষেক ঘটা বৰুণ চক্রৱর্তীয়ে এটাকৈ উইকেট লাভ কৰে৷ শৃংখলাৰ তৃতীয় তথা অন্তিমখন এদিনীয়া ১২ ফেব্রুৱাৰীত আহমেদাবাদত অনুষ্ঠিত হ’ব৷