নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ছানি ধৰিছে অবৈধ তীৰ-বহিঃ ৰাজ্যৰ দৈনিক ল’টাৰী

নিয়মীয়া বাৰ্তা, ধুবুৰী, ৭ মাৰ্চ : ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমত লটাৰী আৰু তীৰ অবৈধ বুলি স্পষ্ট কৰাৰ পিছতো কিন্তু ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত মুকলি ভাবেই ল’টাৰী আৰু তীৰৰ টিকট বিক্ৰী হৈ থকাৰ অভিযোগ উঠিছে। জানিব পৰা মতে, জিলাখনৰ সদৰ খোদ ধুবুৰীতেই  বহিঃ ৰাজ্য মিজোৰাম ‘চুপাৰ কুইজ” আৰু নাগালেণ্ডৰ “ডিয়াৰ ল’টাৰী” বহুল ভাবে প্ৰচলিত হৈছে। এক সূত্ৰই সদৰি কৰানুসৰি ধুবুৰী চহৰৰ কেইবাটাও অঞ্চলৰ বিশেষ কেইখনমান দোকানকে ধৰি কেইবাগৰাকী ব্যক্তিও গোপনে বিক্ৰী কৰি আছে ল’টাৰী দুবিধৰ টিকট। টিকট প্ৰতি ৩০ টকা মূল্যৰ “চুপাৰ কুয়েল” ল’টাৰী বিধৰ খেল দৈনিক দুবাৰকৈ অনুষ্ঠিত হোৱাৰ বিপৰীতে ৬ টকীয়া মূল্যৰ “ডিয়াৰ ল’টাৰি”বিধৰ দৈনিক তিনিবাৰকৈ খেল অনুষ্ঠিত হয়। পিছে, ৩০ টকীয়া মিজোৰামৰ অথবা ৬ টকীয়া নাগালেণ্ডৰ ল’টাৰীৰ্ কোটিপতি হোৱাৰ সপোনত বৰ্তমানে বহু খাটি খোৱা দৰিদ্ৰ লোকে নিজৰ কষ্টোপাৰ্জিত ধনৰ এক বৃহৎ অংশই লটাৰি দুটাৰ ক্ৰয় কৰিবলৈ ব্যায় কৰিব লোৱাটো অশুভ সংকেত বুলিয়েই কিন্তু বিবেচিত হৈছে। ইয়াতে উল্লেখনীয় এয়াও যে, অসমত অবৈধ এই দুইবিধ ল’টাৰী গোপনে বিক্ৰী হৈ থকাৰ ফলত কিন্তু চৰকাৰে দৈনিক হেৰুৱাবল’গীয়া হৈ আছে বুজন পৰিমাণৰ ৰাজহ। ইপিনে, লটাৰিৰ অনুৰূপে ধুবুৰীৰ প্ৰান্ত প্ৰান্তে চলিছে অবৈধ তীৰৰ জুৱাও। উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিছত ২০২২ বৰ্ষৰ ৯ জানুৱাৰীৰ নিশা সমগ্ৰ ৰাজ্যৰ ল’গতে ধুবুৰীতো চলিছিল আৰক্ষীৰ তীৰ বিৰোধী এক অভিযান। সেই অভিযানত ধুবুৰীকে ধৰি সমগ্ৰ জিলাখনৰ পৰা তীৰৰ জুৱাৰ সৈতে জড়িত ২২ গৰাকীকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। আৰক্ষীৰ সেই অভিযানৰ পিছত সাময়িক ভাবে যতি পৰিলেও  ধুবুৰী জিলাৰ সদৰ খোদ ধুবুৰীতেই পুনৰ তীৰৰ ব্যাপক ৰূপে প্ৰচলন ঘটা বুলিয়েই কিন্তু চৰ্চিত হৈছে। উল্লেখ্য যে, ৮০ৰ দশকৰ পৰা ধুবুৰীত আৰম্ভ হোৱা এই বিধ জুৱা পিছলৈ গৈ জিলাখনৰ প্ৰান্তে প্ৰান্তে বিয়পি পৰিছিল। প্ৰথমাৱস্থাত গুৱাহাটীৰ খানাপাৰাৰ সমীপৰ মেঘালয়ৰ এটা অঞ্চলৰ পৰা নিয়ন্ত্ৰিত হোৱা  “খানাপাৰা তীৰ” বুলি জুৱাৰীসকলৰ মাজত পৰিচিত তীৰৰ জুৱাবিধৰ প্ৰচলন ঘটিছিল। পিছলৈ গৈ  মেঘালয়ৰ পৰা নিয়ন্ত্ৰিত হোৱা ‘‘শ্বিলং তীৰ’’ নামৰ আন এবিধ তীৰৰ জুৱাও আৰম্ভ হৈছিল ধুবুৰীত। এক ভিতৰুৱা সূত্ৰই সদৰি কৰানুসৰি, দীৰ্ঘ বহু বছৰৰ পৰাই তীৰসহ  বিভিন্ন ধৰণৰ জুৱাৰ এগৰাকী পৃষ্ঠপোষক তথা  ব্যৱসায়ী এগৰাকীয়ে বৰ্তমানে চহৰখনৰ তীৰৰ জুৱাৰ মূল পাণ্ডাৰূপে উঠি অহাৰ সমান্তৰালকৈ নতুন নতুন কেইবাগৰাকী লোকো তীৰৰ জুৱাৰ স্থানীয় জগতখনৰ স্বয়ম্ভু মালিকৰূপে জড়িত হৈ পৰিছে। সূত্ৰটোৱে আৰু সদৰি কৰানুসৰি, চহৰখনৰ প্ৰতিটো ৱাৰ্ডতে তীৰৰ স্থানীয় সেই স্বয়ম্ভূ মালিকসকলৰ আছে  অতি কমেও আছে ৫/৬ গৰাকী কৈ গৰাকীকৈ বুকি অৰ্থাৎ তীৰৰ টিকট বিক্ৰেতা।   আনহাতে, খানাপাৰা আৰু শ্বিলং –এই দুবিধ তীৰৰ জুৱাৰে আছে দুটাকৈ ৰাউণ্ড। প্ৰথম ৰাউণ্ডৰ ফলাফল বিয়লি ৪টা মানত উপলব্ধ হোৱাৰ বিপৰীতে বিয়লি ৫টাৰ ওচৰে পাজৰে পোৱা যায় দ্বিতীয় ৰাউণ্ডৰ ফলাফল। তীৰৰ জুৱাৰীসকলে দুয়ো ৰাউণ্ডতেই   ০ (শূণ্য) পৰা ৯৯ সংখ্যাৰ মাজৰ নিজৰ পছন্দ অনুসৰি সংখ্যাত ধন বিনিয়োগ কৰে। প্ৰতিটো ৰাউণ্ডতে ফলাফল ৰূপে অহা নম্বৰটো থাকিলে জুৱাৰী এজনে এটকাৰ বিনিময়ত  লাভ কৰে ৭২ টকা। বুকী এজনে  উকা কাগজৰ সৰু বহী এখনৰ পাতত তীৰৰ ৰাউণ্ড নম্বৰ, প্ৰতিটো ৰাউণ্ডত পছন্দৰ সংখ্যা আৰু সেই সংখ্যাবোৰৰ বিপৰীতে বিনিয়োগ কৰা কৰা ধনৰ পৰিমাণ লিখি প্ৰদান কৰে জুৱাৰীক। হোৱাটচ আপ আৰু মোবাইল যোগেও বুকিসকলে দিয়ে জুৱাৰীয়ে বিচৰা তীৰৰ নম্বৰ।জুৱাৰীক তীৰৰ নম্বৰ বিক্ৰী কৰি সংগ্ৰহ কৰা ধন প্ৰতিদিন বিয়লিৰ ফালে নিজৰ নিজৰ মালিকৰ হাতত জমা দিব লাগে বুকী এজনে আৰু ইয়াৰ বিনিময়ত বুকী এজনে দৈনিক জুৱাৰীক বিক্ৰী কৰা ধনৰ ২০ শতাংশ ধন কমিচন হিচাবে লাভ কৰে। এইদৰে মাথো ১ টকাৰ বিনিময়ত ৭২ টকা পোৱাৰ আশাত বন্দী হৈ বহু লোকে  নিজৰ কষ্টোপাৰ্জিত ধনৰ এক বুজন অংশ তীৰৰ জুৱাৰ পিছত খৰচ কৰে। উল্লেখ্য যে, মাজে সময়ে আৰক্ষীয়ে ধুবুৰীত তীৰ বিৰোধী অভিযান চলোৱা দেখা যায় যদিও ভূৰখা মহলে মতে, চহৰখনৰ তীৰৰ মূল পাণ্ডা কেইটাৰ ঠাইত কেইগৰাকীমান দৰিদ্ৰ তীৰৰ বুকিক কৰায়ত্ত কৰিয়েই দায়িত্ব সামৰে। তাৰেই পৰিপ্ৰেক্ষিতত, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ স্থিতি স্বত্বেও ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত  লটাৰী আৰু তীৰৰ সৈতে জড়িত চক্ৰবোৰ নাকী লগাবলৈ  প্ৰশাসন আৰু আৰক্ষীয়ে কঠোৰ পদক্ষেপ নোপোৱাৰ কাৰণ কি বুলিও জন্ম দিতে প্ৰশ্নৰ।

You might also like