ধুবুৰীত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক গুৱাহাটীৰ মেয়ৰ মৃগেন শইকীয়াৰ
নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ আজি ধুবুৰীৰ তেতুলতলাস্থ বিজেপিৰ জিলা কাৰ্যালয়ত অনুষ্ঠিত এখন গুৰুত্বপূর্ণ নিৰ্বাচনী বৈঠকত উপস্থিত থাকে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া। বৈঠকখনত সংগঠনটোৰ শক্তি সংহতকৰণ, ভোটাৰসকলৰ সৈতে সম্পৰ্ক স্থাপন আৰু দলীয় প্ৰাৰ্থীসকলৰ জয় নিশ্চিত কৰাৰ বাবে কৌশলগত পৰিকল্পনা প্ৰস্তুত কৰা হয়। উল্লেখ্য যে, আজিৰ সেই বৈঠকখনত বিজেপিৰ ধুবুৰী জিলা সভাপতি ৰঞ্জিত কুমাৰ ৰায়, দলটোৰ জ্যেষ্ঠ নেতা ডাঃ দেৱময় সান্ন্যাল, দীপক কুমাৰ সাহা প্ৰমুখ্যে দলটোৰ বিভিন্ন স্তৰৰ কাৰ্যকৰ্তা উপস্থিত আছিল।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী