নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ মহানগৰীৰ হাতীগাঁও আৰক্ষীয়ে পাঁচটা গভাইত চোৰক গ্রেপ্তাৰ কৰে৷ ধৃত চোৰকেইটা ক্রমে বৰপেটা জিলাৰ কয়াকুছি থানাৰ অন্তর্গত কদমতলাৰ শ্বাজামাল ইছলাম (২৪), শৰৱেশ আলী (২৭), বৌকামাৰীৰ হাচেন আলী (২৩) ইনজামুল হক (১৯) আৰু সিজুবাৰীৰ তজমূল আলী (৪৪) বুলি জানিব পৰা গৈছে৷ ধৃত চোৰকেইটাৰ পৰা আৰক্ষীয়ে বহু আপত্তিজনক সামগ্রী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ হাতীগাঁও আৰক্ষী সূত্রে জানিব পৰা মতে, ধৃত চোৰকেইটাই মহানগৰীৰ সিজুবাৰীত বাহৰ পাতি চুৰিকার্যত জড়িত আছিল৷ অলপতে হাতীগাঁৱৰ এটা ফ্লেটত চোৰকেইটাই চুৰিকাণ্ড সংঘটিত কৰি নগদ ধনৰ লগতে বহু মূল্যৱান সামগ্রী লুট কৰে৷ ঘটনা সন্দর্ভত হাতীগাঁও থানাত ভাৰতীয় দণ্ডবিধিৰ ৪৫৭/৩৮০ ধাৰাত ৰুজু হোৱা ১০৫/২১ নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই চোৰকেইটাক বিভিন্ন স্থানৰ পৰা গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে গভাইত চোৰকেইটাক আদালতত হাজিৰ কৰোৱাত কামৰূপ (ম) জিলা ন্যায়িক দণ্ডাধীশৰ আদালতে চোৰকেইটাক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰে৷ সম্প্রতি আৰক্ষীয়ে গভাইত চোৰকেইটাক মাৰাথন জেৰা অব্যাহত ৰাখিছে৷