নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত অস্বাস্থ্যকৰ পৰিৱেশত মাছ–মাংস বিক্রী

জিএমচি কর্তৃপক্ষৰ নির্লিপ্ততাৰ সুযোগ লৈছে অসাধু ব্যৱসায়ীয়ে

নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষৰ চূড়ান্ত দায়িত্বহীনতাই মহানগৰবাসীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে৷ পৌৰ নিগম কর্তৃপক্ষৰ গাফিলতিৰ সুযোগ লৈ মহানগৰীৰ বিভিন্ন স্থানত একাংশ অসাধু ব্যৱসায়ীয়ে অস্বাস্থ্যকৰ পৰিৱেশত মাছ–মাংস বিক্রী কৰি আহিছে৷ দীর্ঘদিন ধৰি এই বিষয়টোৱে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি অহাৰ পাছতো ৰহস্যজনকভাৱে গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই কার্যকৰী ব্যৱস্থা গ্রহণ নকৰাটো আশ্চর্যজনকভাৱে বিবেচিত হৈছে৷ পৌৰ নিগমৰ দায়িত্বহীনতাৰ বাবেই জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই অস্বাস্থ্যকৰ, পূতিগন্ধময় পৰিৱেশত অসাধু ব্যৱসায়ীয়ে মাছ–মাংস বিক্রী কৰি আহিছে৷ মহানগৰীৰ উজানবজাৰ, লাখটকীয়া, ফটাশিল আমবাৰী, গণেশগুৰি, বেলতলা, ছয়মাইল, বশিষ্ঠ, বামুণীমৈদামকে ধৰি বিভিন্ন স্থানত অস্বাস্থ্যকৰ পৰিৱেশত মাছ–মাংস বিক্রী কৰি আহিছে অসাধু ব্যৱসায়ীসকলে৷ কিন্তু গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই এই অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলোৱা পৰিলক্ষিত হোৱা নাই৷ গুৱাহাটী পৌৰ নিগমৰ অনুজ্ঞাপত্র অবিহনে মহানগৰীৰ হাজাৰ হাজাৰ ব্যৱসায়ীয়ে অস্বাস্থ্যকৰ পৰিৱেশত মাছ–মাংস বিক্রী কৰি আহিছে৷ মহানগৰীত মাছ–মাংস বিক্রীৰ বাবে জিএমচি কর্তৃপক্ষই কেতবোৰ নীতি–নির্দেশনা জাৰি কৰিছিল৷ কিন্তু অসাধু ব্যৱসায়ীসকলে পৌৰ নিগম কর্তৃপক্ষই জাৰি কৰা নীতি–নির্দেশনা উলংঘাৰে বছৰৰ পাছত বছৰ ধৰি ব্যৱসায় কৰি মুনাফা লুটি আহিছে৷ পৌৰ নিগমৰ বিষয়া–কর্মচাৰীৰে থকা গোপন বুজাবুজিৰ বাবেই অসাধু ব্যৱসায়ীসকলৰ বিৰুদ্ধে অভিযান চলোৱাৰ পৰা বিৰত থকাৰ অভিযোগ উত্থাপন কৰিছে সচেতন লোকসকলে৷ বিভিন্ন সময়ত অস্বাস্থ্যকৰ পৰিৱেশত মাছ–মাংস বিক্রী কৰা ব্যৱসায়ীৰ বিৰুদ্ধে পৌৰ নিগম কর্তৃপক্ষক মহানগৰবাসীয়ে লিখিত আৰু মৌখিকভাৱে অভিযোগ দি আহিছে৷ ৰাইজৰ অভিযোগৰ পাছতে নিয়মমাফিক অভিযান চলাই দায়িত্ব সামৰিছে জিএমচিৰ বিষয়া–কর্মচাৰীয়ে৷ গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষৰ দায়িত্বহীনতা, চূড়ান্ত হেমাহিৰ বাবে মহানগৰবাসীয়ে অস্বাস্থ্যকৰ পৰিৱেশত বিক্রী কৰা মাছ–মাংস ক্রয় কৰিবলগীয়া হৈ আহিছে৷ মহানগৰীত অস্বাস্থ্যকৰ পৰিৱেশত মাছ–মাংস বিক্রী বন্ধ কৰাৰ বাবে পৌৰ নিগম কর্তৃপক্ষই কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like