নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাধীনতা দিৱস : গুৱাহাটীৰ প্রৱেশ–প্রস্থান পথত নিশ্ছিদ্র তালাচী

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ আগষ্টঃ দেশৰ ৭৮সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাথোঁ এটা দিন৷ সমগ্র দেশবাসীৰ লগতে অসমতো শান্তিপূর্ণভাৱে ৭৮সংখ্যক স্বাধীনতা দিৱস উদ্যাপনৰ ব্যাপক প্রস্তুতি চলাইছে মহানগৰ আৰক্ষী আৰু জিলা প্রশাসনে৷ স্বাধীনতা দিৱসৰ প্রাক্ক্ষণত সংযুক্ত মুক্তিবাহিনী অসম (স্বাধীন)সহ কেইবাটাও নিষিদ্ধ সংগঠনে স্বাধীনতা দিৱস বর্জনৰ আহ্বান জনোৱাক লৈ আৰক্ষী প্রশাসন অধিক তৎপৰ হৈ পৰিছে৷ স্বাধীনতা দিৱসৰ কার্যসূচীত দুষৃকতিকাৰীয়ে যাতে কোনোধৰণৰ কূটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে আৰক্ষী প্রশাসনে দিনে–নিশাই মহানগৰীত প্রৱেশ আৰু প্রস্থান পথৰ লগতে প্রান্তে প্রান্তে ব্যাপক তালাচী অভিযান অব্যাহত ৰাখিছে৷ ইয়াৰ সমান্তৰালভাৱে শৰাইঘাট দলঙত আৰক্ষীয়ে দিনে–নিশাই তালাচী অভিযান চলোৱাৰ লগতে গুৱাহাটীত প্রৱেশ কৰা প্রতিখন যান–বাহন তন্ন তন্নকৈ পৰীক্ষা কৰা পৰিলক্ষিত হৈছে৷ ইয়াৰ সমান্তৰালকৈ বৰঝাৰ বিমানবন্দৰ, আইএছবিটি আৰু গুৱাহাটীৰ পল্টনবজাৰকে ধৰি প্রতিটো ৰে’ল ষ্টেচনত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে৷ দূৰ–দূৰণিৰ পৰা অহা যাত্রীসকলৰ বেগ আদি তন্ন তন্নকৈ পৰীক্ষা কৰাৰ লগতে ‘স্নিফাৰ ডগ’ লগত লৈ আৰক্ষীয়ে তালাচী অভিযান চলাইছে৷ উল্লেখ্য যে দেশৰ ৭৮সংখ্যক স্বাধীনতা দিৱস উদ্যাপনৰ বাবে গুৱাহাটীৰ খানাপাৰাকে ধৰি বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠান –প্রতিষ্ঠানত ব্যাপক প্রস্তুতি চলি থকাৰ সময়তেই নিষিদ্ধঘোষিত সংগঠন আলফা আৰু এনএছচিএনসহ কেইবাটাও নিষিদ্ধঘোষিত সংগঠনে স্বাধীনতা দিৱসৰ কার্যসূচী বর্জনৰ বাবে আহ্বান জনোৱাক লৈ নাগৰিকসকল শংকিত হৈ পৰিছে৷ অৱশ্যে আৰক্ষী প্রশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ লগতে নাগৰিকক শান্তিপূর্ণভাৱে স্বাধীনতা দিৱস উদ্পানৰ আহ্বান জনোৱাৰ লগতে হৰ ঘৰ ত্রিৰংগা অভিযানৰ কার্যসূচী সফল ৰূপায়ণ কৰিবলৈ প্রতিজন নাগৰিককে ঘৰে ঘৰে ত্রিৰংগ পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে৷ আনহাতে মহানগৰীৰ স্পর্শকাতৰ এলেকাৰ লগতে নদীপথ আৰু গুৱাহাটীৰ প্রতিটো প্রৱেশ আৰু প্রস্থান পথত নিয়মীয়াকৈ তালাচী চলাইছে মহানগৰ আৰক্ষীয়ে৷ স্বাধীনতা দিৱসত যাতে বিদ্রোহী সংগঠনে কূটাঘাতমূলক কার্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে মহানগৰ আৰক্ষীয়ে দিনে–নিশাই তালাচী অভিযান চলাই আহিছে৷ ব্রহ্মপুত্রৰ নদীপথেৰেও আৰক্ষীয়ে টহলৰ ব্যৱস্থা কৰিছে৷

You might also like