নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুনু গগৈক ভাৰত ৰত্ন ড° ভূপেন হাজৰিকা আন্তঃৰাষ্ট্ৰীয় আইকন-২০২৫ এৱাৰ্ড প্ৰদান

জুনু গগৈক ভাৰত ৰত্ন ড° ভূপেন হাজৰিকা আন্তঃৰাষ্ট্ৰীয় আইকন-২০২৫ এৱাৰ্ড প্ৰদান

নিয়মীয়া বাৰ্তা, ১৭ মেঃ শিৱসাগৰ জিলাৰ আমগুৰি দেওৰজা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী জুনু গগৈলৈ ট্ৰাইকন ফৰ ৱৰ্ল্ড ফাউণ্ডেশ্যনৰ উদ্যোগত, ভাৰত ৰত্ন ড° ভূপেন হাজৰিকা আন্তঃৰাষ্ট্ৰীয় আইকন এৱাৰ্ড ২০২৫ আগবঢ়োৱা হৈছে।

উল্লেখ্য যে  শিক্ষকতাৰ দৰে মহান সেৱাৰ লগতে ধৰ্মীয় আৰু বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাবে জড়িত হৈ অঞ্চলটোৰ মহিলা সকলৰ লগতে নৱ প্ৰজন্মৰ মাজত আৰ্দশৰ পথ দেখুৱাই নিয়াৰ বাবে শিক্ষয়িত্ৰী গৰাকীক এই বঁটা প্ৰদান কৰা হৈছে।

যোৱা ১২ মে’ত নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত বঁটাতো প্ৰদান কৰে। শিক্ষয়িত্ৰী জুনু গগৈক আনুষ্ঠানিক ভাৱে এৱাৰ্ডটো প্ৰদান কৰে ক্ৰমে ট্ৰাইকন ফৰ ৱৰ্ল্ড ফাউণ্ডেশ্যনৰ ৰাষ্ট্ৰীয় অধ্যক্ষ  সূৰ্যকান্ত ট্ৰিপাঠী আৰু উত্তৰ পূৰ্বাঞ্চল সাংগঠনিক সমিতিৰ প্ৰধান সম্পাদক ড° হেমচন্দ্ৰ বৰ্মনে। শিক্ষয়িত্ৰীগৰাকীৰ এনে সাফল্যই ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে।

প্ৰেৰক নৱজ্যোতি তামুলী

You might also like