নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁও-বিহদিয়া-দগাঁও-কটহী পথ শীঘ্ৰে পুনৰ নিৰ্মাণৰ দাবীত বিশাল সমদল

নিয়মীয়া বাৰ্তা, ছয়গাঁও, ৫ মাৰ্চ : কামৰূপ জিলাৰ ছয়গাঁও বিধান সভা সমষ্টিৰ বিধ্বস্ত হৈ পৰা ছয়গাঁও-বিহদিয়া-দগাঁও-কটহী গড়কাপ্তানী পথটো পুনৰ নিৰ্মাণৰ দাবীত  ছয়গাঁও বিহদিয়া-কালাৰদিয়া পথ সুৰক্ষা সমিতিৰ উদ্যোগত ছয়গাঁও আঞ্চলিক ৰাইজ গয়ৰহে আজি দিনৰ প্ৰায় ১১ বজাত ছয়গাঁও ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। উল্লেখ্য যে ছয়গাঁও আঞ্চলিক ৰাইজ গয়ৰহৰ অন্তৰ্গত চৌধুৰী পাৰা, পটৰীখাট ,পুৰাণ কটহী,কালাৰদিয়া, ন-কটহী, আৰু মাকেলী গাঁৱৰ পুৰুষ-মহিলাই বিধস্ত পথটিৰ বিভিন্ন শ্লোগান বালাপুখুৰীৰ পৰা ছয়গাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ এটি বিশাল সমদল কৰি আহে। এই পথটি বিশ্ব বিখ্যাত ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্চ আৰু বুলবুল কেন চিঙৰ সৃষ্টিৰে ধন্য দগাঁও কালাৰদিয়া আৰু শিহুৰ বাবে খ্যাত কলহী নৈৰ সংগমস্থলী পাৰঘাট সংযোগী মুখ্য পথ। অঞ্চলবাসী ৰাইজৰ এই পথটোৰ বাহিৰে বিকল্প নাই।

স্মাৰক পত্ৰত উল্লেখ কৰা মতে, অতিকৈ পুৰণি ৪.৫ কিলোমিটাৰ দৈৰ্ঘৰ এই পথটি ২০১১ চনত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ জৰিয়তে পকীকৰণ কৰা হৈছিল যদিও বৰ্তমানলৈকে পথটিৰ কোনো মেৰামতিৰ ব্যৱস্থা নকৰাত পথটো ইমানেই বিধস্ত হৈ পৰে যে যান বাহনৰ কথা বাদেই, পথচাৰীসকলেও খোজকাঢ়ি যোৱাত চৰম অসুবিধাত পৰে। পথটিৰে অহা যোৱা কৰোতে কেবাজনো লোক দুৰ্ঘটনাত পতিত হৈ হাতভৰি ভাঙি ঘূণীয়া হ’ব লগা হৈছে। আনহাতে, এই পথটিৰ পটৰীখাটত প্ৰায় দুশ মিটাৰ গৰাখহনীয়াৰ কবলত পৰা অংশত কোনো সুৰক্ষিত সু-ব্যৱস্থা নোহোৱাত অঞ্চলটোৰ ৰাইজে জীয়াতু ভূগিব লগা হৈছে। উল্লেখ্য যে উক্ত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী আৰু সৰ্বসাধাৰণ ৰাইজৰ যাতায়তৰ উপযোগী সুচল ব্যৱস্থাৰ লগতে অসমৰ পৰ্যটনত গুৰুত্বপূৰ্ন ভূমিকা ল’ব পৰা উক্ত গড়কাপ্তানী পথটোৰ শীঘ্ৰে পুনৰ নিৰ্মাণৰ আৱশ্যকীয় ব্যৱস্থা কৰি অঞ্চলবাসীৰ সমস্যা সমাধান কৰাৰ ভুক্তভোগী ৰাইজে ছয়গাঁও ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে উক্ত স্মাৰক পত্ৰ কামৰূপ জিলাৰ অভিভাৱক মন্ত্রী, ছয়গাঁও সমষ্টিৰ বিধায়ক , কামৰূপ জিলাৰ উপায়ুক্ত, গড়কাপ্তানী বিভাগৰ মিৰ্জা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্ত্রাক বিহীত ব্যৱস্থা লোৱাৰ বাবে পৃথকে পৃথকে স্মাৰকপত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰে ।

You might also like