নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনৰ দোহাই দি নীতি বহির্ভূত ভাবে বন্ধ মাহিলী বেতনঃ শ্ৰমিক কৰ্মচাৰীৰ বিক্ষোভ

নিয়মীয়া বাৰ্তা, ১৪ মেঃ লক ডাউনত উৎপাদন বন্ধ ৰখাৰ অজুহাতত কতৃপক্ষ‌ই শ্ৰমিক কৰ্মচাৰীৰ নিয়মীয়া বেতন বন্ধ ৰখাক কেন্দ্ৰ কৰি ক্ষোভিত হৈ পৰিছে সুতা উদ্যোগ ছিপাঝাৰসহ প্ৰাগ বছিমি ছিন্হেটিকছ লিমিটেডৰ শ্ৰমিক কৰ্মচাৰী।

লক ডাউনৰ সময়ছোৱাত উদ্যোগৰ উৎপাদন বন্ধ ৰাখিলেও শ্ৰমিক কৰ্মচাৰীক দৰমহা আদায় দিয়াৰ চৰকাৰী নিদেৰ্শনাকো উলংঘন কৰি বিগত দুমাহ ধৰি প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ ফলত এতিয়া সংকট নামি আহিছে উদ্যোগটোত কৰ্মৰত প্ৰায় চাৰিশ নিয়মীয়া আৰু অনিয়মীয়া কৰ্মচাৰীৰ পৰিয়াললৈ।

উল্লেখ্য যে, ২৪ মাৰ্চত প্ৰথম পৰ্যায়ৰ লক ডাউন ঘোষণা কৰা পৰ্যন্ত উদ্যোগটোৰ উৎপাদন কাৰ্য চলি আছিল আৰু কৰ্মচাৰীয়েও কাম কৰি আছিল। অৰ্থাৎ মাৰ্চ মাহৰ প্ৰায় তিনি সপ্তাহ পৰ্যন্ত কৰ্মচাৰী সকলে নিয়মীয়া কৰ্তব্য সমাপন কৰি আছিল। কিন্তু কতৃপক্ষ‌ই চুড়ান্ত মইমতালিৰে আজি পৰ্যন্ত মুকলি কৰি নিদিলে মাৰ্চ মাহৰ দৰমহাও। আনকি ৰঙালী বিহুৰ সময়তো প্ৰাপ্য খিনিৰ পৰা বঞ্চিত হৈয়েই ৰল প্ৰাগ বছিমিৰ কৰ্মচাৰী।

লক্ষণীয় যে প্ৰাগবছিমি ছিন্হেটিকছ লিমিটেড আৰু অসম চৰকাৰৰ অসম উদ্যোগিক উন্নয়ন নিগমৰ যূটীয়া ব্যৱস্থাপনত  ১৯৮৮ চনতে ছিপাঝাৰত স্হাপিত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ পলিয়েষ্টাৰ উদ্যোগ প্ৰাগবছিমি ছিন্হেটিকছ লিমিটেড। পিছে প্ৰতিষ্ঠা কালৰ পৰাই উদ্যোগটোৰ পৰিচালন সঞ্চালক হেমন্ত ব্যাসে নিজৰ খেয়াল খুচীত চলাই আহিল উদ্যোগটোৰ কাম কাজ।বিশেষকৈ কেইগৰাকীমান অনুগতক সাৰথি কৰি সকলো কাম কাজ চলাই অহাৰ ফলত  প্ৰাপ্যৰ পৰা বঞ্চিত হবলগীয়া হয় ইয়াত নিয়োজিত থলুৱা শ্ৰমিক কৰ্মচাৰী সকল।

যুটীয়া খণ্ডত স্থাপিত উদ্যোগৰ ক্ষেত্ৰত চৰকাৰে প্ৰদান কৰা সকলো সা সুবিধা গ্ৰহণ কৰিও উদ্যোগ কতৃপক্ষ‌ই শ্ৰমিক কৰ্মচাৰীৰ ওপৰত কেৱল শোষণকেই চলাই আহিল।একেবাৰে নূন্যতম দৰমহাৰে থলুৱা শ্ৰমিকক খটুওৱাই অহাৰ বিপৰীতে বহিৰাগত শ্ৰমিক সকলক প্ৰদান কৰা হয় উচ্চ হাৰৰ দৰমহা।আনকি প্ৰতিষ্ঠা কালৰে পৰা নিয়োজিত হৈ থকা শ্ৰমিক কৰ্মচাৰীৰ বেছিসংখ্যকে ইতিমধ্যে জীৱনৰ সোণালী সময় উছৰ্গা কৰিলে যদিও প্ৰাপ্য খিনিৰ পৰা বঞ্চিত হৈয়েই থাকিব লগীয়া হল।আনকি এইক্ষেত্ৰত অসম উদ্যোগিক উন্নয়ন নিগমৰ ভুমিকাও একেবাৰে পূতৌজনক।যেন পৰিচালন সঞ্চালক হেমন্ত ব্যাসৰ হাতৰ পুতলাহে অসম উদ্যোগিক উন্নয়ন নিগম।কিন্তু আটাইতকৈ উদ্বেগজনক কথা হল সমগ্ৰ বিশ্বজুৰি ভয়াবহ সংকটে দেখা দিয়াৰ পিছতো কিন্তু প্ৰাগ বছিমিৰ কতৃপক্ষ‌ই নিজৰ পূৰ্বৰ চৰিত্ৰকে অক্ষুন্ন ৰাখিলে।সামান্য তমো চিন্তা নকৰিলে মাহিলী দৰমহা কেইটিৰ বাবেই আশা পালি থকা উদ্যোগটোৰ শ্ৰমিক কৰ্মচাৰী সকলৰ পৰিয়াল সমুহলৈ‌।উদ্যোগটোৰ “এমপ্লয়িজ ইউনিয়ন”ৰ তৰফৰ পৰা কতৃপক্ষ‌ক বাৰম্বাৰ অনুনয় বিনুনয় কৰাৰ পিছতো আজি পৰ্যন্ত নাপালে সুফল।

আনকি লিখিত ভাবে আবেদন কৰাৰ পিছতো কোনো ফল নোপোৱাত “এমপ্লয়িজ ইউনিয়নৰ সভাপতি শশীন্দ্ৰ শৰ্মা আৰু সম্পাদক ৰমেশ চন্দ্ৰ চৌধুৰী স্বাক্ষৰিত  স্মাৰক পত্ৰ ক্ৰমে ছিপাঝাৰৰ চক্ৰ বিষয়া,উদ্যোগিক উন্নয়ন নিগমৰ সঞ্চালক, শ্ৰম আয়ুক্ত অসম চৰকাৰ,উপায়ুক্ত দৰং জিলা,জিলা শ্ৰম বিষয়া আৰু ছিপাঝাৰৰ বিধায়কলৈ প্ৰেৰণ কৰা হয়।ইফালে উদ্যোগ কতৃপক্ষ‌ই চৰকাৰৰ আহ্বানক ভৰিৰে গচকি লকডাউনৰ দোহাই দি উদ্যোগটোৰ চল্লিশ গৰাকী কৰ্মচাৰীক অব্যাহতি দিয়াৰ গোপন ষড়যন্ত্ৰত লিপ্ত হৈছে।আনকি এই চল্লিশগৰাকীক অব্যাহতি নিদিয়া পৰ্যন্ত দৰমহা অনাদায় ৰখাৰ বাবেও গোপন কাৰচাজি চলাইছে।যাৰ বাবেও ভিতৰি ভিতৰি ক্ষোভিত হৈ পৰিছে শ্ৰমিক কৰ্মচাৰী সকল।

  প্ৰসংগত উল্লেখযোগ্য যে উদ্যোগ কতৃপক্ষ‌ই ২০১৪-১৬ বৰ্ষৰ সময়ছোৱাৰ ১৪ মাহৰ দৰমহা আৰু ২০১৯বৰ্ষৰ তিনিমাহৰ দৰমহাৰ আধা অংশৰ দৰমহা কাটি ৰাখি আজি পৰ্যন্ত আদায় নিদিয়াকৈয়ে থাকিল  কতৃপক্ষ‌।ইমানৰ পিছতো এতিয়া লকডাউনৰ দোহাই দি পুনৰবাৰ ইয়াৰ শ্ৰমিক কৰ্মচাৰীক বলিৰ পঠা সজাব খোজাটোক লৈ তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টিয়ে গা কৰি উঠিছে প্ৰাগবছিমি ছিন্হেটিকছ লিমিটেডৰ শ্ৰমিক কৰ্মচাৰী সকলৰ মাজত।

You might also like