নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰোবাৰ যদি গা বেয়া হৈছে, তেন্তে ১০৪ নম্বৰত যোগাযোগ কৰকঃ স্বাস্থ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ১৪ মেঃ পাণবজাৰস্থিত ৰাজকমল হোটেলৰ কাষৰীয়া লোকসকল বা যোৱা এসপ্তাহত সেই অঞ্চলটোলৈ যোৱা লোকসকলৰ যদি গা বেয়া হয় । তেন্তে শীঘ্ৰে ১০৪ নম্বৰত ফোন কৰক ।”– আজি NHM কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

ইয়াৰোপৰি তেওঁ কয় যে  আলুপট্টিৰ কাষত বা ফাঁচী বজাৰলৈ যোৱা এসপ্তাহত অহাযোৱা কৰা লোকৰ শুকান কাঁহ, ডায়েৰিয়া, জ্বৰ বা শুঙিলে গুন্ধ নোপোৱা আদিৰ দৰে যদি হৈছে, তেন্তে অনুগ্ৰহ কৰি ১০৪ নম্বৰলৈ সম্পূৰ্ণ নাম, ঠিকনাসহ প্ৰকাশ কৰি ফোন কৰিব পাৰিব, যাতে স্বাস্থ্য বিভাগে আপোনালোকক সহায় কৰিব পাৰে ।

আনহাতে যিসকল লোকৰ গা বেয়া তেওঁলোক নিজেই কাৰ্যালয়লৈ নগ’লে বা ঘৰৰ বাহিৰলৈ নোলালে, মহানগৰবাসীয়ে বেছি চিন্তা কৰাৰ প্ৰয়োজন নাথাকে । গতিকে ৰাইজে শংকিত নহৈ স্পৰ্শকাতৰ সময়ত সকলোৰে সহযোগিতা বিচাৰে স্বাস্থ্যমন্ত্ৰী ড০ শৰ্মাই ।

You might also like