নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৪ বছৰ পুৰণি মানহানি গোচৰত গ্রেপ্তাৰ মেধা পাটকাৰ-ক

বিশেষ বাৰ্তা, ২৬ এপ্রিল : ২৪ বছৰ পুৰণি মানহানি গোচৰত গ্রেপ্তাৰ মেধা পাটকাৰক। পুৰণি এক মানহানি গোচৰত গ্রেপ্তাৰী৷ কিন্তু কেইঘণ্টামানৰ ভিতৰতে আদালত-ৰ নির্দেশত কাৰাগাৰৰ পৰা মুক্তি দিয়া হ’ল ‘নর্মদা বচাও’ আন্দোলনৰ নেত্রী তথা সমাজকর্মী মেধা পাটকাৰক৷ কালি দুপৰীয়া দিল্লীৰ উপ–ৰাজ্যপাল ভি কে ছাক্সেনাই তৰা ২৪ বছৰৰ পুৰণি এক মানহানিৰ গোচৰত মেধা পাটকাৰক গ্রেপ্তাৰ কৰে আৰক্ষী-য়ে৷ কিন্তু দিল্লীৰ আদালতে কেইঘণ্টামানৰ ভিতৰতে মেধা পাটকাৰক মুক্তি দিয়াৰ নির্দেশ দিয়ে৷ ২০০০ চনত নর্মদা বচাও আন্দোলনত মেধা পাটকাৰ ব্যস্ত থকা সময়ত তেওঁক সমর্থন দিছিল বহু মানুহে৷ সেই সময়তে গোচৰ এটা তৰিছিল ছাক্সেনাই৷

You might also like