নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত আদিবাসী কল্যাণ-উন্নয়ন পৰিষদৰ কাৰ্যালয় উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ আগষ্টঃ গুৱাহাটীৰ লখৰাত অসম চৰকাৰৰ অধীনস্থ আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ কাৰ্যালয়টি আজি মন্ত্ৰী পীযুষ হাজৰীকাই উদ্বোধন কৰে। আদিবাসী লোকসকলৰ কল্যাণ, উন্নয়ন তথা প্ৰাপ্য সুবিধা লাভ কৰাৰ পথ তৰান্বিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ আগ্ৰহত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে বিগত সময়ত আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ গঠন কৰি দিছিল বুলি আজিৰ অনুষ্ঠানত মন্তব্য প্ৰদান কৰি মন্ত্ৰী হাজৰীকাই পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দুৰ্গা হাসদা আৰু অন্যান্য সদস্যসকলক আদিবাসী লোকসকলৰ সৰ্বাংগীন উন্নয়নৰ বাবে সমৰ্পিত মনোভাৱেৰে কাম কৰি যাবলৈ আহ্বান জনায়। আনহাতে চাহ উদ্যোগৰ জড়িয়তে অসমৰ অৰ্থনীতিত বিশেষ ভূমিকা লৈ থকা চাহ জনগোষ্ঠীয় আৰু আদিবাসীসকলৰ উন্নয়নৰ বাবে চাহ বাগিছা অঞ্চলত আদৰ্শ বিদ্যালয় স্থাপন, চিকিৎসা তথা অভিযান্তিক পাঠ্যক্ৰমত নামভৰ্তিৰ ক্ষেত্ৰত বিশেষ আৰক্ষণৰ ব্যৱস্থা আদিকে ধৰি বহুতো কাম ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিগত সময়ত কৰিবলৈ সক্ষম হোৱা বুলি মন্ত্ৰী হাজৰীকাই ভাষণ প্ৰসংগত উল্লেখ কৰে। আনহাতে বিগত ২০০ বছৰ ধৰি চাহ বাগিচাৰ ভূমিত বাস কৰি অহা চাহ জনগোষ্ঠীয় লোকসকলৰ ভূমিৰ অধিকাৰ প্ৰদানৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে চিন্তা চৰ্চা আৰম্ভ কৰা বুলি তেওঁ উল্লেখ কৰে ।

You might also like