প্লে-অফৰ অন্তিম স্থানৰ বাবে যুঁজত নামিব মুম্বাই–দিল্লী
🔹 স্থান নিশ্চিত বেংগালুৰু–গুজৰাট–পঞ্জাবৰ
মুম্বাই, ২০ মে’ : আইপিএলৰ অষ্টাদশ সংস্কৰণৰ লীগ পর্যায়ৰ মেচ অন্ত পৰাৰ দিশে৷ এতিয়ালৈকে গুজৰাট টাহটানছ, ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু আৰু পঞ্জাব কিংছে প্লে-অফত স্থান নিশ্চিত কৰিছে৷ আনহাতে, বাকী আছে মাত্র এটা স্থান৷ এই স্থানটোৰ বাবে দৌৰত আছিল মুম্বাই ইণ্ডিয়ানছ, দিল্লী কেপিটেলছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ৷ কিন্তু সোমবাৰে ছানৰাইজার্ছ হায়দৰাবাদৰ হাতত পৰাজয়ৰ লগে লগে লক্ষ্ণৌৰ বিদায় নিশ্চিত হয়৷ ফলত, দিল্লী কেপিটেলছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত প্লে-অফৰ অন্তিমটো স্থান দখলৰ বাবে যুঁজ চলিব৷ বর্তমান পইণ্ট তালিকাত দিল্লীতকৈ আগত আছে মুম্বাই৷ দলটোৱে ১২খন মেচত ১৪ পইণ্ট সংগ্রহেৰে তালিকাৰ চতুর্থ স্থানত আছে৷ আনহাতে, সমসংখ্যক মেচৰ পৰা ১৩ পইণ্ট লাভ কৰি পঞ্চম স্থানত আছে দিল্লী৷ অর্থাৎ দুয়োটা দলৰ গ্রুপ পর্যায়ত দুখনকৈ মেচ বাকী আছে৷ লক্ষণীয়ভাৱে দল দুটাই খেলিবলৈ বাকী থকা দুখন মেচৰ এখনত কাইলৈ পৰস্পৰৰ বিপক্ষে অৱতীর্ণ হ’ব৷ বর্তমানৰ পৰিস্থিতিত দুয়োটা দলৰ বাবেই জয় অনিবার্য৷ এই সময়লৈ মুম্বাই দিল্লীতকৈ এটা পইণ্টৰ লগতে ৰান ৰেটৰ দিশতো আগবাঢ়ি আছে৷ সেয়ে দিল্লীক জয়ৰ অত্যন্ত প্রয়োজন৷ উল্লেখ্য যে এই ছিজনত ইতিমধ্যে ৱাংখেড়েতে দুয়োটা দল এবাৰ মুখামুখি হৈছে আৰু মুম্বায়ে মেচখনত জয়ী হৈছিল৷ গতিকে, কাইলৈৰ মেচখন দিল্লীৰ বাবে হ’ব এই পৰাজয়ৰ পোতক তোলাৰ মেচ৷ এই মেচখনৰ পিছত দুয়োটা দলে লীগত নিজৰ অন্তিম মেচ খেলিব পঞ্জাব কিংছৰ বিপক্ষে৷ এই ছিজনত প্রথমবাৰৰ বাবে মুম্বাই আৰু দিল্লীয়ে পঞ্জাব কিংছৰ প্রত্যাহ্বানৰ সন্মুুখীন হোৱা দেখা যাব৷ মুম্বাই আৰু দিল্লী দুয়োটা দলে পঞ্জাব কিংছৰ বিৰুদ্ধে জয়পুৰত খেলিব লাগিব৷ জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামৰ অভিলেখ দিল্লীৰ পক্ষত৷ দিল্লীয়ে এই স্থানত মুম্বাইতকৈ অধিক মেচ খেলাৰ লগতে অধিক মেচত জয়ীও হৈছে৷ গতিকে, পঞ্জাবৰ বিপক্ষে মেচখনত মুম্বাইতকৈ দিল্লী কিছু শক্তিশালী মনোবলেৰে অৱতীর্ণ হ’ব৷ সেই দিশৰ পৰা মুম্বাই প্লে-অফত প্রৱেশৰ ক্ষেত্রত কিছু চাপত থাকিব পাৰে৷ অৱশ্যে তাৰ পূর্বে কাইলৈৰ মেচখনত দুয়োটা দলৰ গুৰুত্ব থাকিব৷ কাইলৈ যদি মুম্বায়ে দিল্লীক বৃহৎ ব্যৱধানত পৰাস্ত কৰে তেতিয়া দিল্লীৰ সম্ভাৱনা প্রায় শেষ হ’ব৷ কিয়নো, চলিত ছিজনত পঞ্জাবে শক্তিশালী প্রদর্শন দাঙি ধৰিছে আৰু তেনে স্থিতিত দিল্লী পঞ্জাবৰ বিপক্ষে জয়ী হ’লেও বৃহৎ ব্যৱধানত জয়ী হোৱাটো কঠিন হ’ব৷ তেনে পৰিস্থিতিত দিল্লীৰ ৰান ৰেট মুম্বাহতকৈ কম হ’ব আৰু দলটোৱে লীগৰ পৰাই বিদায় ল’ব লাগিব৷