নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুটিনৰ মহাকাশ যুদ্ধৰ পৰিকল্পনা, ফেব্রুৱাৰীত গোপনে মহাকাশলৈ ৩ সামৰিক কৃত্রিম উপগ্রহ

পৃথিৱীৰ নিম্ন কক্ষত থকা উপগ্রহত পাৰমাণৱিক অস্ত্র প্রেৰণৰ সম্ভাৱনা

আমেৰিকা আৰু ইউৰোপৰ দেশত আতংক, ৰাছিয়াৰ কৃত্রিম গ্রহত ৰহস্যজনক বস্তুক লৈ মার্কিন মহাকাশ বাহিনীৰ উদ্বিগ্নতা

নিউজ ডেস্ক, ২১ এপ্রিলঃ ইউক্রেইনৰ সৈতে যুদ্ধ চলি থকাৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে অতি গোপনে মহাকাশলৈ তিনিটা সামৰিক কৃত্রিম উপগ্রহ প্রেৰণ কৰিছে৷ ফেব্রুৱাৰী মাহত গোপনে প্রেৰণ কৰা এই তিনিটা সামৰিক কৃত্রিম উপগ্রহত এক ৰহস্যজনক বস্তু আছে৷ এই ৰহস্যজনক বস্তু পাৰমাণৱিক অস্ত্র হ’ব পাৰে বুলি সম্ভাৱনা চর্চিত হৈছে৷ ৰাষ্ট্রপতি পুটিনে কৃত্রিম উপগ্রহৰ সৈতে পাৰমাণৱিক অস্ত্র প্রেৰণ কৰি বিশ্ববাসীলৈ শংকা কঢ়িয়াই আনিছে৷ পুটিনৰ এই গোপন অভিসন্ধিত আতংকিত হৈছে আমেৰিকা যুক্তৰাষ্ট্র আৰু ইউৰোপৰ দেশ৷ মহাকাশত পৰমাণৱিক অস্ত্র মোতায়েন কৰি তাৰ পৰাই মহাকাশ যুদ্ধৰ পৰিকল্পনা পুটিনে কৰিছে বুলিও চর্চিত হৈছে৷ ফেব্রুৱাৰী মাহত প্রেৰণ কৰা সামৰিক কৃত্রিম উপগ্রহ তিনিটা পৃথিৱীৰ নিম্ন কক্ষপথত প্রদক্ষিণ কৰি আছে৷ উত্তৰ ৰাছিয়াৰ পুলেৎস্কো কছমোদ্রমৰ পৰা উৎক্ষেপণ কৰা এই তিনিটা উপগ্রহৰ নাম হৈছে কছমছ ২৫৮১, ২৫৮২ আৰু ২৫৮৩৷ সফল উৎক্ষেপণ কৰা এই তিনিটা কৃত্রিম উপগ্রহক লৈ স্পেচ ডট কমত প্রকাশ পোৱা তথ্য অনুসৰি এপ্রিলৰ প্রথম সপ্তাহত পৃথিৱীৰ কক্ষপথত এটা নতুন বস্তু চিহ্ণিত কৰিবলৈ সক্ষম হৈছে মার্কিন মহাকাশ বাহিনী, চমুকৈ ইউএছএছএফে৷ এই নতুন বস্তুটো চিহ্ণিত হোৱাৰ পিছতে তীব্র জল্পনা–কল্পনা আৰম্ভ হৈছে৷ ইউএছএছএফৰ শীর্ষ বিষয়াই প্রকাশ কৰা মতে, যোৱা ১৮ মার্চত ৰাছিয়াৰ সামৰিক কৃত্রিম উপগ্রহ কছমছ ২৫৮৩ৰ পৰা এই নতুন বস্তুটো বিচ্ছিন্ন হৈছিল৷ বর্তমানে পৃথিৱীৰ নিম্ন কক্ষপথত এই ৰহস্যময় বস্তুটো প্রদক্ষিণ কৰি আছে৷ ইয়াৰ উদ্দেশ্য কি, কোনো জ্ঞান নোহোৱাত উদ্বিগ্ণ আমেৰিকা৷ মার্কিন বিষয়াই অনুমান কৰা মতে, মহাকাশত কোনো সামৰিক পৰীক্ষাৰ কাৰণেই এই বস্তুটো পৃথিৱীৰ নিম্ন কক্ষপথত এৰি দিছে ৰাছিয়াই৷ সেই নতুন প্রযুক্তিৰ অত্যাধুনিক ব্যৱস্থাৰে অস্ত্রৰ পৰীক্ষা কৰা হ’ব৷ তদুপৰি ফ্লায়িং আৰু ড’কিং প্রযুক্তিৰ বাবেও ৰহস্যময় বস্তুটো ব্যৱহাৰৰ সুযোগ ল’ব ক্রেমলিনে৷ লক্ষণীয় যে ৰাছিয়াই এই তিনিটা উপগ্রহ বিশেষ পৰীক্ষণৰ বাবে প্রেৰণ কৰা বুলি একাংশ মহাকাশ বিজ্ঞানীয়ে ধাৰণা কৰিলেও আমেৰিকা যুক্তৰাষ্ট্রই এইক্ষেত্রত একমত হ’ব পৰা নাই৷ আমেৰিকাৰ মতে, ৰাছিয়াৰ এই তিনি উপগ্রহক লৈ পৃথক অভিসন্ধি আছে৷ এই উপগ্রহকেইটাই কি নিৰীক্ষণ কৰিছে কিম্বা কাক লক্ষ্য কৰি লৈছে সেই সন্দর্ভত সঠিক তথ্য লাভ কৰা নাই৷ কিয়নো মার্কিন জ্যোতি পদার্থ বিজ্ঞানীয়ে বিগত বর্ষৰ পৰাই ৰাছিয়াই মহাকাশত পৰমাণু অস্ত্র মোতায়েন কৰাৰ সন্দেহ প্রকাশ কৰি আহিছে৷ মহাকাশত পৰমাণু অস্ত্র মোতায়েন কৰিলেও ৰাছিয়াই হয়তো আন দেশক আক্রমণ কৰাৰ সম্ভাৱনা নাই৷ বিশেষজ্ঞৰ মতে, ৰাছিয়াই পৰমাণু অস্ত্রৰে শত্রু দেশৰ কৃত্রিম উপগ্রহ কিম্বা মহাকাশ ষ্টেচন উৰুৱাই দিয়াৰ বাবে এই পৰিকল্পনা কৰিছে৷ উল্লেখ্য যে মস্কোৰ হাতত উপগ্রহ ধ্বংসকাৰী ক্ষেপণাস্ত্র আছে৷ সেয়েহে আমেৰিকাৰ সেনাই তাৰ সহায়ত ৰাছিয়াই মহাশূন্যত পৰমাণু বোমা কঢ়িওৱাৰ সন্দেহ নুই কৰিব নোৱাৰি৷ এনে বোমাৰে শত্রু দেশৰ কৃত্রিম উপগ্রহৰ লগতে মহাকাশ অভিযানৰ সঁজুলি বিধ্বস্ত কৰিব পাৰে৷ মন কৰিবলগীয়া যে ২০২২ চনত মহাকাশত মস্কোই এক সাহসী পৰীক্ষা চলাইছিল৷ উক্ত বর্ষত কেএইচ১১ নামৰ মার্কিন চোৰাংচোৱা উপগ্রহৰ অতি ওচৰেৰে দুটা ৰুছ কছমছ শ্রেণীৰ উপগ্রহ অতিক্রম কৰাইছিল৷ ঠিক একেই সময়তে আন এটা উপগ্রহৰে উচ্চ গতিৰে এক বোমা নিক্ষেপ কৰিছিল৷ এই পৰীক্ষা ১০০ শতাংশ সফল হোৱা বুলি ৰাছিয়াই পৰৱর্তী সময়ত বিবৃতিযোগে দাবী কৰিছিল৷ ৰাছিয়াৰ এনে পৰিকল্পনাই মহাকাশতো পাৰমাণৱিক অস্ত্রৰ প্রতিযোগিতা হ’ব পাৰে বুলি সন্দেহ ঘনীভূত হৈছে৷

You might also like