নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জন্মতে নাই দুয়োখন হাত, ভাৰতৰ হৈ খেলাৰ সপোন ৰোহিতৰ অনুৰাগী শিৱমৰ

নিউজ ডেস্ক, ২৩ এপ্ৰিলঃ চেতনা লাভ কৰাৰ পাছতহে ল’ৰাটোৱে বুজি পালে যে তেওঁ বাকীবোৰতকৈ পৃথক৷ কাৰণ তেওঁৰ দুয়োখন হাত নাই৷ তাৰ বাবেই উত্তৰ প্রদেশৰ শিৱম কুমাৰে সৰুৰে পৰা আনে কৰিব পৰা কাম কৰিব নোৱাৰিলে৷ অৱশ্যে তেওঁ হাৰ মনা নাছিল৷ ক্রিকেটৰ বেটখন তেওঁৰ আহিলা হৈ পৰিল৷ উত্তৰ প্রদেশৰ ছাহাৰনপুৰ জিলাৰ বাসিন্দা শিৱমে এতিয়া হাত ব্যৱহাৰ নকৰাকৈয়ে অনায়াসে চাৰি আৰু ছয় মাৰিব পাৰে৷ তেওঁৰ প্রিয় ক্রিকেটাৰ ৰোহিত শর্মা৷ ২৪ বছৰীয়া শিৱমে এদিন ভাৰতৰ বিশেষভাৱে সক্ষম দলৰ হৈ খেলাৰ সপোন দেখিছে৷ ৬ বছৰ বয়সৰ পৰাই শিৱমে ক্রিকেটৰ প্রতি প্রেম গঢ়ি তুলিছিল৷ প্রথমতে বেটখন দোলা দিবলৈ অসুবিধা হৈছিল৷ লাহে লাহে সি শিকিলে৷ শিৱমে বাঁও বগলীত বেটখন ধৰি ৰাখিছে৷ অর্থাৎ যেতিয়া শ্বট এটা মাৰিব বিচাৰে, তেতিয়া গোটেই শৰীৰৰ শক্তি ব্যৱহাৰ কৰিব লাগে৷ প্রথমতে শিৱমে ঘৰতে খেলিছিল৷ কিন্তু অকলে খেলি ভাল নাপালে৷ কেতিয়াবা খেলপথাৰলৈ গৈ বাকীবোৰৰ খেল চাইছিল৷ এদিন তেওঁ বন্বুূ–বান্ধৱীৰ লগত খেলাৰ ইচ্ছা প্রকাশ কৰিলে৷ বন্বুূসকলে সেই কথা শুনি আচৰিত হ’ল৷ তেওঁৰ বেটিং দেখি সকলোৱে আচৰিত হৈছিল৷ ক্রমান্বয়ে শিৱম দলৰ এজন গুৰুত্বপূর্ণ ক্রিকেটাৰ হৈ পৰিল৷ এখন মেচত শেষ অভাৰত ২৮ ৰানৰ প্রয়োজন হৈছিল৷ শিৱমে ২৩ ৰান সংগ্রহ কৰে৷ দলটো পৰাস্ত হ’লেও সকলোৱে তেওঁৰ বেটিঙৰ প্রশংসা কৰে৷ শিৱমে উত্তৰ প্রদেশৰ বিভিন্ন জিলাত স্থানীয় প্রতিযোগিতা খেলিবলৈ গৈছিল৷ তেওঁ ৰোহিতৰ অনুৰাগী৷ ভাৰতীয় দলটোৱে যেতিয়াই খেলি থাকে তেতিয়াহ শিৱমে ৰোহিতক চাবলৈ বহি থাকে৷ শিৱমে কামনা কৰে যে তেওঁ এদিন ৰোহিতক লগ পাব৷ ভাৰতৰ বিশেষভাৱে সক্ষম দলত খেলিব বিচাৰিছে শিৱমে৷ তেওঁ দেশক প্রতিনিধিত্ব কৰিব বিচাৰে৷ সংবাদ মাধ্যমৰ সন্মুখত শিৱমে কয়– ‘মই কেতিয়াও ভবা নাছিলোঁ যে মই দুয়োখন হাতৰ অবিহনে থাকিম৷ সৰুৰে পৰাই ক্রিকেট ভাল পাই আহিছোঁ৷ ইয়াৰ সৈতে আগবাঢ়ি যাব বিচাৰোঁ৷ কোনো বাধাই মোক বাধা দিব পৰা নাই৷ ভৱিষ্যতেও কৰিব নোৱাৰিব৷ এদিন মই ভাৰতৰ হৈ খেলিম৷’

You might also like