নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউক্রেইনী সাংবাদিক-ৰ অংগ কাঢ়িলে ৰাছিয়ান সেনাই

🔹 ভিক্টোৰিয়া ৰ’ছচিনাৰ মৃতদেহ পৰীক্ষা কৰি হতবাক বিশেষজ্ঞ

নিউজ ডেস্ক, ২ মে’ : ৰাছিয়াৰ জিম্মাত এগৰাকী ইউক্রেইনী মহিলা সাংবাদিক-ৰ মৃত্যুৰ ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ ৰুছ অধিকৃত ইউক্রেইনী ভূখণ্ডলৈ গৈছিল সাংবাদিক ভিক্টোৰিয়া ৰ’ছচিনা৷ কিন্তু ৰুছ সেনাই বন্দী কৰে সাংবাদিকগৰাকীক৷ অৱশেষত ইউক্রেইনৰ হাতত অর্পণ কৰা হৈছে সাংবাদিকগৰাকীৰ নিথৰ দেহ৷

ফৰেনছিক পৰীক্ষাত দেখিবলৈ পোৱা গৈছে ২৭ বছৰীয়া তৰুণী সাংবাদিকগৰাকীৰ শৰীৰত অমানৱীয় আতিশয্যৰ চিহ্ণ৷ শৰীৰৰ পৰা বাহিৰ কৰি নিয়া হৈছে চকুৰ মণি, মস্তিষ্ক আৰু শ্বাসনলী! ভিক্টোৰিয়াৰ দেহ পৰীক্ষা কৰি চকু কপালত উঠিছে ইউক্রেইনৰ ফৰেনছিক বিশেষজ্ঞসকলৰ৷ ৰুছ সেনাই ইউক্রেইনৰ সাধাৰণ মানুহক বন্দী কৰাৰ পাছত তেওঁলোকৰ ওপৰত কেনেধৰণৰ নির্যাতন চলায়, ভিক্টোৰিয়াৰ পৰিণতি তাৰ মর্মান্তিক প্রতীকী ছবি বুলি ধাৰণা কৰিছে বিভিন্ন মহলে৷

‘ইউক্রেনস্কা প্রাভদা’ নামৰ সংবাদ–পত্রৰ সাংবাদিক আছিল ভিক্টোৰিয়া৷ এই সংবাদ–পত্রখনৰ সম্পাদক ছেভগিল মুছাইয়েভাই উল্লেখ কৰা অনুসৰি কামৰ তাগিদাত ভিক্টোৰিয়াই ৰুছ অধিকৃত ইউক্রেইনী অঞ্চললৈ গৈছিল যদিও ৰাছিয়ান সেনাৰ পাশৱিক হত্যাৰ বলি হ’বলগীয়া হৈছে৷

You might also like