নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সতীর্থৰ ওপৰত ক্ষুব্ধ অধিনায়ক ধোনী

🔹 ছানৰাইজার্ছৰ হাতত পৰাজয় চেন্নাইৰ

নিউজ ডেস্ক, ২৭ এপ্রিল : সতীর্থৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে অধিনায়ক ধোনী। পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছৰ চলিত আইপিএলৰ প্লে–অফত প্রৱেশৰ আশা প্রায় নির্বাপণ হৈছে৷ দলটোৱে এতিয়ালৈকে ৯খন মেচ খেলি মাত্র দুখনতহে জয়লাভ কৰিছে আৰু পইণ্ট তালিকাৰ দশম তথা একেবাৰে নিম্ন স্থানত আছে৷ শুকুৰবাৰে চেন্নাইত ছানৰাইজার্ছ হায়দৰাবাদৰ হাতত পৰাজয়ৰ পিছত সতীর্থসকলৰ ওপৰত প্ৰচণ্ড খং হৈ পৰে দলটোৰ অধিনায়ক মহেন্দ্র সিং ধোনী৷ খেলৰ অন্তত ধোনীয়ে কয় যে ১৫৪ ৰান কৰাটো কোনো কাৰণতে গ্রহণযোগ্য নহয়৷ উইকেটত তেনে কোনো টার্ন লোৱা নাছিল৷ তুলনামূলকভাৱে আমাৰ স্পিনাৰসকলে দ্বিতীয় ইনিংছত সহায় পাইছিল৷ কিন্তু আমি অন্ততঃ ১৫–২০ ৰান কম কৰিছিলোঁ৷ এনেধৰণৰ প্রতিযোগিতাত যদি এটা বা দুটা দুর্বলতা থাকে, তেন্তে সেইবোৰ সমাধান কৰা সম্ভৱ৷ কিন্তু যদি দলৰ বেছিভাগ খেলুৱৈয়ে ভাল খেলিব নোৱাৰে তেন্তে দলত পৰিৱর্তন কৰিব লাগিব৷ অৱশ্যে দেৱাল্ড ব্রেভিছৰ বেটিঙক প্রশংসা কৰি ধোনীয়ে কয় যে তেওঁ যি বেটিং কৰিলে সেয়াই আমাৰ প্রয়োজন৷ মিডল অর্ডাৰ আমাৰ বাবে অতি গুৰুত্বপূর্ণ হৈ পৰিছে৷ এইক্ষেত্রত আমি উন্নতি কৰাটো প্রয়োজন৷

You might also like