নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাপ্ৰৱঞ্চক দীপাংকৰৰ নলবাৰীৰ কাৰ্যালয়ত মহানগৰ আৰক্ষীৰ অভিযান

বিশেষ বাৰ্তা, ২২ ছেপ্টেম্বৰঃ ৰাজ্যজুৰি ট্ৰেডিং কাণ্ডক লৈ ধুমুহা হৈ থকাৰ সময়তে আজি মহানগৰ আৰক্ষীৰ এটা দল নলবাৰীত উপস্থিত হৈ মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ নলবাৰীৰ শাখা কাৰ্যালয়ত অভিযান চলায়। জানিব পৰা মতে, মহানগৰ আৰক্ষীৰ দলটোৱে তন্ন তন্নকৈ পৰীক্ষা কৰিলে ডিবি ষ্টক বুকিঙৰ কাৰ্যালয়৷ আৰক্ষীয়ে অভিযানৰ বিষয়ে সদৰী কৰাৰ পৰা বিৰত থাকে। মহাপ্ৰবঞ্চকজনে নলবাৰীতো শাখা কাৰ্যালয়ৰ জৰিয়তে সংগ্ৰহ কৰিছিল কোটি কোটি টকা। সহজতে লাভ পোৱাৰ আশাৰে মহাপ্ৰবঞ্চকজনৰ জালত ভৰি দিছিল নলবাৰীৰ লগতে ৰাজ্যৰ কেইবাজনো ধনাঢ্যই।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন
You might also like