নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাৰ চাহ বাগিচাৰ ভূমিত বিলাসী ৰিজৰ্ট নিৰ্মাণ বিধায়কৰ

নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণে অৱস্থিত সেউজ কাৰ্বি পাহাৰত এচাম বণিক গোষ্ঠীয়ে এফালৰ পৰা ধংস কৰি অনাৰ সময়তে এইবাৰ শেনচকু পৰিছে এগৰাকী জনপ্ৰতিনিধিৰ। হাওৰাঘাট সমষ্টিৰ বিধায়ক দৰসিং ৰংহাঙে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাকো কেৰেপ নকৰি ৰিজৰ্ট নিৰ্মাণৰ নামত এফালৰ পৰা ধ্বংস কৰিছে কাৰ্বি পাহাৰ। কাটি তহিলং কৰিছে মূল্যৱান গছ-গছনি। কেৱল ইয়াতেই ক্ষান্ত নাথাকি বিধায়কগৰাকীয়ে ছল-চাতুৰীৰে, ডাবি-ধমকীৰে দখল কৰিছে চাহ শ্রমিকৰ ভূমি। কাৰ্বি আংলং জিলাৰ হাওৰাঘাট সমষ্টিৰ বিধায়ক দৰসিং ৰংহাঙৰ বিৰুদ্ধে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কাজিৰঙাৰ হাটীখুলি, ৰঙাজান চাহ বাগিচাৰ ৰাইজে। উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণে গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ সীমাৰ মাজলাইনত ৭০-৮০ বছৰ ধৰি বসবাস কৰি আহিছে চাহ শ্ৰমিকে। খেতি-বাতি কৰি দৰিদ্ৰ পৰিয়ালকেইটাই নিজৰ পৰিয়ালটোক পোহ-পাল দি আহিছিল। কিন্তু বিধায়কগৰাকীয়ে চাহ শ্ৰমিকৰ সেই ভূমি বলপূৰ্বক দখল কৰি পাহাৰৰ চৌদিশে নিৰ্মাণ কৰিছে বৃহৎ কংক্ৰিটৰ দেৱাল। ইতিমধ্যেই সেউজ পাহাৰ টকলা কৰি নিৰ্মাণ কৰিছে ৰিজৰ্ট। ইফালে অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু অসম চাহ মজদূৰ সংঘৰ উদ্যোগত নিৰ্মাণস্থলীতে শ শ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে।নিজৰ ভূমি ঘূৰাই দিয়া, এনিমেল কৰিডৰ ত কোনোপধ্যেই ৰিচৰ্ট নিৰ্মাণ কৰিব দিয়া নহব বুলি প্ৰতিবাদী ৰাইজে হুংকাৰ দিয়ে। এগৰাকী জনপ্ৰতিনিধি হৈও প্ৰকৃতি ধংস কাৰ্যক আটচাই তীব্র ভাষাৰে গৰিহণা দি কাৰ্বি আংলং জিলা পৰিষদৰ মুখ্য সদস্য তুলিৰাম ৰংহাঙৰ এই ক্ষেত্ৰত হস্তক্ষেপ বিচাৰে। ইয়াৰ পাছতো যদি কোনো সুদত্তৰ নাপালে মুখ্যমন্ত্ৰীক অভিযোগ দাখিল কৰা হব বুলিও সংগঠন দুটাই জানিবলৈ দিয়ে। পৰৱৰ্তী সময়ত আটচা আৰু চাহ মজদূৰ সংঘই তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে। প্ৰতিবাদী কাৰ্যসূচীত আটচা কাজিৰঙা আঞ্চলিকৰ সভাপতি দ্বীপজ্যোতি চাওৰা আৰু সম্পাদক সুভাষ চাওৰা, আদিবাসী চাহ জনগোষ্ঠী নাগৰিক মঞ্চৰ সভাপতি অনুপ তাঁতী, সম্পাদক কিশান কৰ্মকাৰ আৰু উপদেষ্টা লক্ষণ কৰ্মকাৰ ,পৰমেশ্বৰ পানিকাৰ লগতে চাহ মজদূৰ সংঘৰ স্থানীয় নেতা উপস্থিত থাকে।

প্ৰেৰক ৰঞ্জিত ৰজক

You might also like