নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রীয় শিক্ষানীতি কার্যকৰীৰ বাবে বাধ্য কৰাব নোৱাৰিব ৰাজ্যক

🔹 শীর্ষ আদালতৰ তাৎপর্যপূর্ণ পর্যবেক্ষণ : গোচৰ খাৰিজ

নিউজ ডেস্ক, ১০ মে’ : দেশজুৰি ৰাষ্ট্রীয় শিক্ষানীতি কার্যকৰী কৰাৰ চেষ্টা চলাই আছে কেন্দ্রীয় চৰকাৰে৷ কিন্তু দেশৰ শীর্ষ আদালতত এই বিষয়টোক লৈ হতাশাৰ সন্মুখীন হ’বলগীয়া হ’ল কেন্দ্রৰ মোদী চৰকাৰ৷ কোনো ৰাজ্যকে ৰাষ্ট্রীয় শিক্ষানীতি (এনইপি) কার্যকৰী কৰিবলৈ বাধ্য কৰাব নোৱাৰি বুলি কালি পর্যবেক্ষণ আগবঢ়াইছে উচ্চতম ন্যায়ালয়ে৷ এই সম্পর্কত এক জনস্বার্থ জড়িত গোচৰো খাৰিজ কৰি দিছে শীর্ষ আদালতে৷ আদালতৰ এই পর্যবেক্ষণক তাৎপর্যপূর্ণ বুলি অভিহিত কৰিছে বিভিন্ন মহলে৷ ২০২০ চনত নতুন ৰাষ্ট্রীয় শিক্ষানীতিৰ প্রস্তাৱ দিয়ে কেন্দ্রীয় চৰকাৰে৷ দেশৰ সকলো ৰাজ্যকে অনুৰোধ কৰা হয় এই শিক্ষানীতি কার্যকৰী কৰিবলৈ৷ কেন্দ্রৰ অনুৰোধ মর্মে বিজেপিশাসিত কেইখনমান ৰাজ্যই এই এনইপি কার্যকৰী কৰিছে যদিও অধিকসংখ্যক ৰাজ্যই ইয়াৰ বিৰোধিতা কৰিছে৷ তামিলনাডু, পশ্চিমবংগ, কেৰালাসহ কেইবাখনো ৰাজ্যত কেন্দ্রীয় চৰকাৰৰ এই নতুন শিক্ষানীতিক লৈ তীব্র ক্ষোভৰ উদ্গীৰণ ঘটিছে৷ কোনো কাৰণতে এই নীতিক কার্যকৰী কৰা নহ’ব বুলি তামিলনাডুৰ মুখ্যমন্ত্রী ষ্টেলিনে কঠোৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ একেই অৱস্থান গ্রহণ কৰিছে কেৰালা আৰু পশ্চিমবংগ চৰকাৰে৷

You might also like