নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানত বিপৰ্যস্ত ডিব্ৰু ছৈখোৱাৰ দধীয়া : গৃহহীন ডেৰশ পৰিয়াল

বিশেষ বাৰ্তা, ১৩ জুলাইঃ বানে ধোৱা দধীয়াত আজিও অবৰ্ণনীয় পৰিৱেশ। ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ক’ৰ জন দধীয়া বনগাঁৱত বিগত দুমাহে দেখা নাই মাটিৰ মুখ। এতিয়াও এককাল পৰ্যন্ত বানত বুৰি আছে দধীয়াৰ প্ৰায় আঠশৰো অধিক পৰিয়াল। ডিব্ৰু আৰু ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীত দুৰ্বিসহ জীৱন কটাইছে দধীয়াৰ বানাক্ৰান্তই। বান আৰু খহনীয়াত ঘৰ-বাৰী হেৰুৱাইছে গৃহহীন হৈ সৰ্বস্ৰান্ত হৈছে প্ৰায় ডেৰশৰো অধিক পৰিয়াল। বানৰ মাজতে খাদ্যৰ অভাৱত ভূগিছে পশুধন। পশুধনৰ মৃত্যুৰ কিৰিলিত জৰ্জৰিত দধীয়া বনগাঁৱত। মৃত্যু হৈছে শ শ পশুধন। এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বানাক্ৰান্ত অঞ্চলটোত। দিন-হাজিৰা কৰি কোনোবাতে দুবেলা-দুমুঠি খাই পেট প্ৰৱতোৱা লোকসকল বানৰ ফলত অনাহাৰে দিন কটাবলগীয়া হৈছে। জিলা প্ৰশাসনে দুই-এবাৰ বান সাহাৰ্য হিচাপে খাদ্য সামগ্ৰী যোগান ধৰিয়েই দায়িত্ব সামৰিলে। ইফালে বানৰ বাবে উপাৰ্জনৰ বাট হেৰুৱাইছে বহু পৰিয়াল। না জল না থল অৱস্থা বন্যাক্ৰান্তৰ মাজত‌। চাংঘৰৰ ভিতৰতে পশুধনৰ সৈতে সহবাস কৰিবলগীয়া হৈছে বন্যাক্ৰান্তই। বান আৰু গৰাখহনীয়াত গৃহহীন হোৱা অৰ্ধেক সংখ্যক পৰিয়াল ওখ ঠাই বিচাৰি ঢাপলি মেলিছে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ। কিন্তু ইমানৰ পিছতো গুৰুত্ব নাই জিলা প্ৰশাসন কিম্বা ৰজাঘৰীয়াৰ। কাৰণ বিগত প্ৰায় ৩৫ বছৰ ধৰি পুনৰসংস্থাপনৰ বাবে দাবী জনাই আহিছে দধীয়াৰ বনগাঁওবাসীয়ে। ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বিপৰীতে অন্য উপযুক্ত স্থানত পুনৰসংস্থাপনৰ দাবীৰে ২০১২ চনত ইচ্ছাপত্ৰও প্ৰদান কৰিছিল। কেৱল সেয়াই নহয় ১৯৮৬ চনত ডিব্ৰু ছৈখোৱাক অভয়াৰণ্য ঘোষণাৰ সময়ত জাৰি কৰা অধিসূচনাত দধীয়া আৰু লাইকাক পৰৱৰ্তী সময়ত পুনৰসংস্থাপন দিয়াৰ কথাও উল্লেখ কৰা হৈছিল। কিন্তু দধীয়া আৰু লাইকা নামৰ দুখন বনগাঁও ১৯৫০-৫৭ চনত চৰকাৰীভাৱে সংস্থাপিত হৈ থকাৰ পিছতো সম্পূৰ্ণ ৰাজনৈতিক ষড়যন্ত্ৰৰে ১৯৯৯ চনত চৰকাৰে ডিব্ৰু ছৈখোৱাৰ ক’ৰ আৰু বাফাৰ জন এলেকাক সামৰি ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰে। ইয়াৰ পিছতে দধীয়া আৰু লাইকাবাসীৰ জীৱন-জীৱিকাৰ পথ ৰুদ্ধ হৈ পৰে। কাৰণ ৰাষ্ট্ৰীয় উদ্যান ঘোষণাৰ লগে লগে বনাঞ্চলৰ ভিতৰত মাছ ধৰা বা খৰি লুৰাত বাধা আহি পৰিছিল। ২০১৬ চনৰ পৰা ২০২১ চনলৈকে মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক বহুবাৰ দাবী জনাইছিল। কিন্তু পাঁচ বছৰীয়া মুখ্যমন্ত্ৰীৰ কাৰ্যকালত সৰ্বানন্দ সোণোৱালে প্ৰতিবেশী জনজাতি মানুহখিনিৰ দুৰ্দশাৰ কথা অনুধাৱন নকৰিলে। দশক দশক ধৰি যমৰ-যান্ত্ৰণা ভোগ কৰি অহা দধীয়া বনগাঁৱৰ ৰাইজৰ পুনৰসংস্থাপনৰ বিষয়টোক লৈ চলিছে ভয়ংকৰ ৰাজনীতি।

প্ৰেৰক বিভাস দুৱৰা

You might also like