৫০০ দিনৰ মূৰকত ৩ ইজৰাইলী পণবন্দীক মুকলি
নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ ফেব্ৰুৱাৰীঃ চলিত গাজা যুদ্ধবিৰতিৰ অধীনত আজি হামাছে পণবন্দী কৰি ৰখা তিনি ইজৰাইলী নাগৰিকক মুকলি কৰি দিয়ে৷ প্রায় ৫০০ দিন হামাছৰ হাতত পণবন্দী হৈ থকা তিনি ইজৰাইলী নাগৰিকক আন্তর্জাতিক সংগঠন ৰেডক্রছৰ হাতত গতাই দিয়াৰ পিছতে ইজৰাইলৰ পৰিয়ালকেইটাই স্বস্তিৰ নিশ্বাস পেলাইছে৷ আন্তর্জাতিক সংবাদ মাধ্যমত প্রকাশ পোৱা মতে হামাছে মুকলি কৰি দিয়া তিনি ইজৰাইলী নাগৰিক হৈছে এলি শ্বাৰাবি, অৰ লেভি আৰু ওহাদ বেন এমি৷ উল্লেখ্য যে বিগত বর্ষৰ ৭ অক্টোবৰৰ ভয়াৱহ আক্রমণৰ সময়তে হামাছে এই তিনি ইজৰাইলী নাগৰিকক পণবন্দী কৰি নিছিল৷ উক্ত আক্রমণত এল শ্বাৰাবিৰ পত্নী আৰু শিশু নিহত হৈছিল৷ ৭ অক্টোবৰৰ নোভা সংগীত মহোৎসৱত হামাছ সন্ত্রাসবাদীয়ে ভয়াৱহ আক্রমণ কৰি পণবন্দী কৰি নিয়া ইজৰাইলী নাগৰিকক শেহতীয়াভাৱে গাজা যুদ্ধবিৰতি চুক্তি অনুসৰি মুকলি কৰি আছে৷ বিগত মাহত ১৮ পণবন্দীক মুকলি কৰি দিয়াৰ পিছত আজি তিনিজন পণবন্দীক মুকলি কৰি দিয়ে৷ সংবাদ সংস্থাৰ মতে পূর্বৰ ১৮ পণবন্দীৰ তুলনাত আজি মুকলি কৰি দিয়া তিনি পণবন্দীৰ স্বাস্থ্য সঠিক হৈ থকা নাই৷ ওহাদ বেন এমিৰ শাহুৱেক মিছেল কোহেনে প্রকাশ কৰা মতে তেওঁৰ জোঁৱাই হামাছৰ পৰা মুকলি হোৱা এমি শুকাই–ক্ষীণাই গৈছে৷ তেওঁক দেখিলেই দুখ লাগে৷ ইপিনে হামাছে তিনি পণবন্দীক মুকলি কৰি দিয়াৰ বিনিময়ত ইজৰাইলে ১৮৩ কাৰাবন্দীক মুকলি কৰি দিব৷