আইআইটি–ইঞ্জিনীয়াৰিং মেডিকেলৰ প্রৱেশ পৰীক্ষা অসমীয়াত
এপিএছচিত বাধ্যতামূলক নাছিল অসমীয়া ভাষাৰ কাকত
নিয়মীয়া বার্তা, ২ জানুৱাৰী: অহা ২০২৩ চনৰ পৰা আই আই টি–ইঞ্জিনীয়াৰিং–মেডিকেল প্রৱেশ পৰীক্ষা অসমীয়া ভাষাতো অনুষ্ঠিত হ’ব৷ পাঠ্যক্রমো অসমীয়া ভাষাতে হ’ব৷ সেইদৰে এই বছৰৰ পৰা আই আই টি, ইঞ্জিনীয়াৰিং, মেডিকেলকে ধৰি মহাবিদ্যালয়সমূহত্ নামভর্তিৰ বাবে শিক্ষানুষ্ঠানলৈ যাব নালাগে৷ সমগ্র প্রক্রিয়াটো হ’ব অনলাইনযোগে৷ শনিবাৰে নৱবর্ষ উপলক্ষে গুৱাহাটীত সাংবাদিকৰে মত বিনিময় অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে৷ সেইদৰে অসম লোকসেৱা আয়োগত অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত নাছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রথমবাৰৰ বাবে চৰকাৰে পৰীক্ষামূকলভাৱে অসমীয়া ভাষাৰ কাকত বাধ্যতামূলক কৰাৰ চেষ্টাহে কৰিছিল৷ ইয়াৰ পূর্বে কেতিয়াও অসম লোকসেৱা আয়োগত অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত নাছিল৷
অসমীয়া ভাষাক জীয়াই ৰখাৰ ক্ষেত্রত জনসাধাৰণৰ লগতে সাহিত্য সভা আদিৰো দায়িত্ব আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চৰকাৰে সকলো ভাষাৰ বাবে চিন্তা কৰিব লাগিব৷ গোপীনাথ বৰদলৈ, শৰৎ চন্দ্র সিংহৰ দিনতো অসমত ইংৰাজী, বাংলা ভাষাৰ বিদ্যালয় আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰে কোনো অভিভাৱকক তেওঁলোকৰ সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নামভর্তি নকৰিবলৈ বাধ্য কৰাব নোৱাৰে৷ বড়ো, অসমীয়া, ইংৰাজী সকলো মাধ্যমৰ বিদ্যালয় খোলাৰ বাবে চৰকাৰে কাম কৰিব লাগিব৷ অৱশ্যে চৰকাৰে ৯০ শতাংশ বিদ্যালয় অসমীয়া ভাষাৰ কৰাৰ বিপৰীতে ১০ শতাংশহে আন ভাষাৰ কৰিছে৷ হাফলঙত সকলো শিক্ষানুষ্ঠান ইংৰাজী মাধ্যমৰ৷ তাত চৰকাৰে বাধা দিব নোৱাৰে৷ চি বি এছ ইৰ শিক্ষানুষ্ঠান হোৱাত কি লোকচান আছে বুলি প্রশ্ন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমীয়া মাধ্যমৰ বিদ্যালয়ত ৫জন ছাত্র–ছাত্রীৰ বিপৰীতে ২৫গৰাকী শিক্ষক পর্যন্ত আছে৷ তেওঁলোকক দৰমহা দিওঁতে চৰকাৰৰ ১০ লাখ টকা ব্যয় হয়৷ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ উন্নয়নৰ ক্ষেত্রত প্রাক্তন ছাত্রসকলক দায়িত্ব ল’বলৈও তেওঁ আহ্বান জনায়৷ অসমীয়া–ইংৰাজী মাধ্যমক লৈ অসমীয়া জাতিৰ মাজত দুই–তিনিটা ভাগ নকৰিবলৈ আহ্বান জনায়৷
তেওঁ আৰু কয় যে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত নাথাকিলেও বহিঃৰাজ্যৰ পৰা কোনো লোকে পৰীক্ষাত অৱতীর্ণ হ’ব নোৱাৰে৷ ইতিমধ্যে চৰকাৰে এইক্ষেত্রত প্রার্থীজন অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব, স্থানীয় ভাষা সলসলীয়াকৈ ক’ব পৰা হ’ব লাগিব আদি চর্ত বান্ধি দিছে৷ আজিৰ দিনত অসমত কাৰো বেয়া কাম কৰাৰ সাহস নাই বুলি স্পষ্ট কৰি দি তেওঁ কয় যে বেয়া কাম কৰিলে শাস্তি কি হ’ব, সেয়া লিখা আছে৷