নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আশা–সমৃদ্ধিৰ বছৰ হ’ব ‘নৱবর্ষ ২০২২’

  • কাজিৰঙাৰ ৩৫ কিঃমিঃ অংশত ৬ হাজাৰ কোটিৰে এলিভেটেড কৰিড’ৰ
  • নির্মাণ হ’ব মিছা তেজপুৰ সংযোগী ৰে’ল–স্থলপথৰ সুৰংগ
  • নামৰূপ সাৰ কাৰখানা পুনৰ কার্যক্ষমৰ পদক্ষেপ
  • দৰং–মৰিগাঁও সংযোগী দলঙৰ পৰিকল্পনা
  • আঠ মাহৰ ভিতৰত শুৱালকুছি পলাশবাৰী সংযোগী দলঙৰ নির্মাণ আৰম্ভ
  • বিদায়ী ২০২১ বর্ষটো বিজ্ঞান ক্রীড়া–সাহিত্য জগতৰ বাবে উজ্জ্বল বর্ষ

নিয়মীয়া বার্তা, ২ জানুৱাৰী: নৱবর্ষৰ প্রথম দিনটোতেই ৰাজ্যবাসীক বহু আশা আৰু সমৃদ্ধিৰ খবৰ দিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ইংৰাজী নৱবর্ষ ২০২২ অসমৰ বাবে আশা আৰু সমৃদ্ধিৰ বছৰ হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই মন্তব্য কৰিছে৷ দেওবাৰে কইনাধৰাস্থিত ১নং চৰকাৰী অতিথিশালাত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় অনুষ্ঠানত মিলিত হৈ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই বছৰটোতে অসম চৰকাৰে চুবুৰীয়া ৰাজ্যৰে থকা সীমা বিবাদ যিমান সোনকালে শেষ কৰিব পাৰি, তাৰ বাবে চেষ্টা চলাব৷ চুবুৰীয়া ৰাজ্যৰে চলি অহা সীমা বিবাদৰ বাবেই বহু সময়ত উত্তৰ–পূবৰ স্পিৰিট শেষ হৈ যায়৷ মেঘালয় আৰু অৰুণাচল প্রদেশৰ লগত দুই–এটা বিষয়তহে বাধা আছে৷ সেইদৰে এই বছৰটোত যথেষ্ট মূলধনী ব্যয় ৰাজ্যখনত হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে কেতিয়াও নোহোৱা সামাজিক খণ্ড আৰু মূলধনী ব্যয় এই বছৰটোতে হ’ব৷ অহা ২০২৬ চনত অসমৰ জি ডি পি ৬ লাখ কোটি টকা বৃদ্ধিৰ লক্ষ্য লৈছে৷ প্রতিবছৰে ৰাজ্যখনত ১০ শতাংশ জি ডি পি বৃদ্ধি হ’লে সেই লক্ষ্যত উপনীত হ’ব পৰা যাব৷ যোৱা ৮ মাহত ৰাজ্যৰ জি ডি পি ৪ লাখ কোটি টকালৈ বৃদ্ধি হোৱাটো ভাল লক্ষণ৷ চৰকাৰখনৰ যোৱা ৮ মহীয়া কার্যকালত ৩১খন কেবিনেট বৈঠকে ৮০০ সিদ্ধান্ত গ্রহণ কৰিছে৷ মিছন বসুন্ধৰা আঁচনিত ৮ লাখ ৮ হাজাৰ আবেদন আহিছে৷ ইয়াৰে এক লাখ ২৪ হাজাৰ আবেদন নিষ্পত্তি হৈছে৷ অহা ১০ মে’ৰ পূর্বেই সকলো আবেদন নিষ্পত্তি কৰিব পৰা যাব বুলি আশা প্রকাশ কৰি তেওঁ কয় যে পৰৱর্তী পর্যায়ত মিছন বসুন্ধৰা–২ আৰম্ভ কৰিলে অসমত মাটি–বাৰীৰ কোনো সমস্যাই নাথাকিব৷

পৰিবহণ বিভাগৰ ক্ষেত্রত যথেষ্ট স্বচ্ছতা অহাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ড্রাইভিং লাইচেঞ্চ, লার্নাৰ ড্রাইভিং লাইচেঞ্চ আদি অনলাইনযোগে দিয়াৰ ব্যৱস্থা কৰাৰ ফলত এতিয়ালৈকে ৩.৫০ লাখ লোক উপকৃত হৈছে৷ এই মাহৰ ভিতৰতে পৰিবহণ বিভাগৰ আন ৭টা সেৱা অনলাইনযোগে দিয়াৰ ব্যৱস্থা কৰা হ’ব৷ অহা ৩১ মার্চৰ ভিতৰত পৰিবহণ বিভাগটোৰ কাম সম্পূর্ণৰূপে অনলাইনযোগে সম্পূর্ণ হ’ব৷ আভ্যন্তৰীণ জল পৰিবহণৰ ক্ষেত্রতো টিকট অনলাইনযোগে দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ সেইদৰে ট্রেড লাইচেঞ্চো সম্পূর্ণৰূপে অনলাইনযোগে দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ নিবনুৱা যুৱক–যুৱতীয়ে এতিয়া ঘৰতে বহি অনলাইনযোগে নিয়োগ বিনিময় কেন্দ্রত নাম পঞ্জীয়ন কৰিব পাৰে৷ এক কথাত ক’ব লাগিলে এই ব্যৱস্থা প্রৱর্তনৰ ফলত ২৪ ঘণ্টাই চৰকাৰী কার্যালয়ত কাম চলিছে৷ অহা তিনি বছৰৰ ভিতৰত সমগ্র চৰকাৰখনেই প্রযুক্তিগত হৈ পৰিব৷ আমি ১ ফেব্রুৱাৰীৰ পৰা ‘প্রজেক্ট সদ্ভাৱনা’ আৰম্ভ কৰিম পুৰণি মেনুৱেল ফাইলবোৰ শেষ কৰাৰ কৰাৰ কাৰণে৷ ইয়াৰ লগে লগে চৰকাৰত মেনুৱেল পদ্ধতিটো নাথাকিব৷ সকলো সম্পূর্ণৰূপে হৈ পৰিব প্রযুক্তিগত৷ তেওঁ আৰু কয় যে কেন্দ্রীয় চৰকাৰে এই বছৰ মূলধনী ব্যয় ১৩ হাজাৰ কোটি টকা কৰাৰ লক্ষ্য বান্ধি দিছে৷ ৰাজ্য চৰকাৰে সেই লক্ষ্য অতিক্রমি প্রায় ২০ হাজাৰ কোটি টকা স্পর্শ কৰাৰ দিশে অগ্রসৰ হৈছে৷ বহিঃসাহায্যপ্রাপ্ত প্রকল্পৰ ক্ষেত্রতো অসম যথেষ্ট আগবাঢ়িছে৷ বিশ্ববেংকে ইতিমধ্যে সৰু সৰু দলং নির্মাণৰ বাবে চাৰি হাজাৰ কোটি টকা দিছে৷ সেইদৰে মথাউৰি নির্মাণৰ বাবেও ৰাজ্য চৰকাৰে ধন লাভ কৰিছে৷

মেডিকেল কলেজসমূহক ছুপাৰ স্পেচিয়েলিটী কৰাৰ বাবেও জাইকাই প্রকল্প ধৰিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে কাজিৰঙাত ৩৫ কিলোমিটাৰ দৈর্ঘ্যৰ এলিভেটেড কৰিড’ৰ নির্মাণৰ ক্ষেত্রতো যথেষ্টখিনি কাম আগবাঢ়িছে৷ ভাৰত চৰকাৰে ৩১ ডিচেম্বৰৰ ভিতৰত অসম চৰকাৰক এইক্ষেত্রত সকলো ঠিক–ঠাক কৰাৰ পৰামর্শ দিছিল৷ ইতিমধ্যে বন বিভাগে অনুমোদন দিছে৷ ৬ হাজাৰ কোটি টকাৰ এই প্রকল্পৰ কামো অহা ডেৰ বছৰৰ ভিতৰত আৰম্ভ কৰিব পৰা যাব বুলি তেওঁ আশা প্রকাশ কৰে৷ সেইদৰে মিছাৰ পৰা তেজপুৰলৈ সুৰংগৰে ৰে’ল আৰু স্থলপথ নির্মাণৰ ক্ষেত্রতো কোনোবা এটা দিনত ভাল খবৰ আহিব বুলি উল্লেখ কৰি তেওঁ কয় যে বিষয়টো বর্তমান এডভান্স ষ্টেজত আছে৷ সামাজিক খণ্ডৰ আঁচনিৰ ক্ষেত্রতো এই বছৰটো গুৰুত্বপূর্ণ বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অৰুণোদয়, বৃদ্ধ পেন্সন, বিধৱা পেন্সন, দিব্যাংগ পেন্সনৰ ধন প্রতিমাহে ১০ তাৰিখেই হিতাধিকাৰীসকলে বেংক একাউণ্টযোগে লাভ কৰি আহিছে৷ উক্ত আঁচনিসমূহৰ ৩০ লাখ হিতাধিকাৰী এতিয়া চৰকাৰৰ ওপৰত নির্ভৰশীল৷ মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাইৰ ফলত এতিয়ালৈ ১১ লাখ মহিলা উপকৃত হৈছে আৰু নতুন বছৰটোত ১০ লাখ মহিলা উপকৃত হ’ব৷ সেইদৰে নতুন বছৰটোত ৰাজ্যখনৰ ১০ লাখ গৰিব মানুহৰ গৃহ নির্মাণ হ’ব৷ এই নতুন বছৰটোতে নামৰূপ সাৰ কাৰখানা পুনৰ উৎপাদনক্ষম হোৱাৰ আশা প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্তমান বিষয়টো অন্তিম পর্যায়ত আছে৷ ডিগবৈ ৰিফাইনেৰীৰ উৎপাদন ক্ষমতা এক মিলিয়ন মেট্রিকটনলৈ বৃদ্ধিৰ বাবে ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে৷

সেইদৰে পোনপ্রথমবাৰৰ বাবে ভাৰতীয় খাদ্য নিগমে অসমৰ কৃষকৰ পৰা ১০ লাখ মেট্রিকটন ধান ক্রয়ৰ সিদ্ধান্ত লৈছে৷ পূর্বতে খাদ্য নিগমে অসমৰ পৰা বছৰি এক লাখ মেট্রিকটনহে ধান ক্রয় কৰিছিল৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে নুমলীগড় ৰিফাইনেৰীত ৰাজ্য চৰকাৰৰ অংশীদাৰিত্ব ২৬ শতাংশ বৃদ্ধি কৰিছে৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰে কোনো ঋণ নোলোৱাকৈ কালি অংশীদাৰিত্বৰ বাবে দিবলগীয়া ২,১৮৭ কোটি টকা সম্পূর্ণৰূপে আদায় দিছে৷ সেইদৰে অসমত দৈনিক গাখীৰৰ উৎপাদন এক লাখ লিটাৰৰ পৰা ১০ লাখ লিটাৰলৈ বৃদ্ধিৰ বাবে অহা ৭ জানুৱাৰীত অসম চৰকাৰে এন ডি ডি বি (নেচনেল ডায়েৰী ডেভেলপমেণ্ট ব’ড’)ৰ লগত বুজাবুজি চুক্তি কৰিব৷ দুগ্ধপালকসকলে উৎপাদন ব্যয়ৰ তুলনাত দাম নাপালে চৰকাৰে ৰাজসাহায্য হিচাপে সেই ক্ষতিপূৰণ আগবঢ়াব৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মাজুলীৰ দুয়োখন দলঙৰ কাম ২০২৬ চনৰ আগেয়ে চৰকাৰে সম্পূর্ণ কৰিব৷ মঙলদৈ–মৰিগাঁও সংযোগী দলং এখনৰ পৰিকল্পনা চলি আছে৷ অহা ৫ বছৰৰ ভিতৰত ইয়াৰ কাম আৰম্ভ হ’ব বুলি তেওঁ আশা প্রকাশ কৰে৷ সেইদৰে শুৱালকুছি–পলাশবাৰ্ সংযোগী দলঙৰ কামো অহা ৭–৮ মাহৰ ভিতৰত আৰম্ভ হ’ব৷ ইপিনে অসম আৰক্ষীৰ কাম–কাজত সন্তোষ প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যোৱা ৮ মাহত অসম আৰক্ষীয়ে জনসাধাৰণৰ হৈ কাম কৰিছে৷ এই সময়ছোৱাত ৬৭২টা গৰু সৰবৰাহৰ গোচৰ ৰুজু হৈছে আৰু ৫,৩৮০টা গৰু জব্দ কৰিছে৷ কয়লা স্মাগলিং সম্পর্কত ৬৫টা গোচৰ ৰুজু হৈছে৷ গ’ল্ড স্মাগলিঙৰ বিৰুদ্ধে অভিযান চলাই ১৩ কিলোগ্রাম সোণ উদ্ধাৰ কৰিছে৷ ম্যানমাৰৰ পৰা অহা চোৰাং চুপাৰি সম্পর্কতো ১০৫টা গোচৰ ৰুজু কৰিছে৷ দুর্ঘটনাৰ ৰিপ’ট, প’ষ্ট মর্টেম ৰিপ’ট আদি আৰক্ষীয়ে এতিয়া মানুহৰ ঘৰত গৈ দিয়াৰ কাম কৰিছে৷ সেইদৰে যোৱা ৮টা মাহত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰা ২৮জন লোকৰ আৰক্ষীৰ গুলীত মৃত্যু হৈছে আৰু ৬২জন আহত হৈছে৷

নির্বাচনৰ সময়ত দিয়া তিনিটা প্রতিশ্রুতি মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাই, এক লাখক চৰকাৰী চাকৰিত নিয়োগ, অৰুণোদয়ৰ ভাট্টা বৃদ্ধিৰ সেই প্রতিশ্রুতি ৰূপায়ণৰ পৰা চৰকাৰ আঁতৰি অহা নাই বুলি তেওঁ স্পষ্ট কৰি দিয়ে৷ নিবনুৱা সমস্যাৰ প্রসংগত তেওঁ কয় যে জাতিটোক আগুৱাই নিব লাগিলে চাকৰিমুখী মানসিকতাৰ পৰা আঁতৰি আহি ডায়েৰী, মাংস, কৃষি আদি খণ্ডৰ জৰিয়তে আত্মনির্ভৰশীল হ’ব লাগিব৷ ৰাজ্যত বছৰি ১০ শতাংশ অর্থনৈতিক বিকাশ হ’লেই নিবনুৱা সমস্যাৰো মোকাবিলা হ’ব৷ ইফালে বিদায়ী ২০২১ বর্ষটো অসমৰ বিজ্ঞান–ক্রীড়া–সাহিত্য্ জগতৰ বাবে উজ্জ্বল বর্ষ বুলি অভিহিত কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমৰ ৰাজনৈতিক ক্ষেত্রখনৰ বাবেও যথেষ্ট গৌৰৱৰ বছৰ৷ ২০২১ বর্ষটোতে ৰাজ্যখনত একেৰাহে দ্বিতীয়টো কার্যকালৰ বাবে বিজেপি মিত্রজোঁটৰ নেতৃত্বত অকংগ্রেছী চৰকাৰ গঠন হয়৷ পূর্বতে অগপই দুবাৰ চৰকাৰ গঠন কৰিছিল যদিও একেৰাহে কৰিব পৰা নাছিল৷ সেই দিশৰ পৰা ২০২১ চনটো উল্লেখনীয়৷ তদুপৰি বহু দিনৰ মূৰত অসমৰ পৰা সর্বানন্দ সোণোৱালে কেন্দ্রীয় কেবিনেটত স্থান লাভ কৰিলে৷ সোণোৱালৰ লগতে উত্তৰ–পূবৰ পৰা কিৰেণ ৰিজিজুৱেও কেন্দ্রীয় কেবিনেটত স্থান লাভ কৰিছে৷ উত্তৰ–পূবৰ বাবে এয়া গৌৰৱৰ ঘটনা৷ অৱশ্যে এই বছৰটোতে ক’ভিডৰ দ্বিতীয় ঢৌত ড০ ৰমেশ পাঠক, কুল বৰুৱা, প্রভাত শর্মা, হিৰণ্য কুমাৰ ভট্টাচার্য, ডাঃ ভূমিধৰ বর্মন, হোমেন বৰগোহাঞি, দাৰা আহমেদ, নিৰু হাজৰিকা, ড০ অনিমা গুহ, ড০ নিলয় দত্ত আদিকে ধৰি বহু লোকক হেৰুৱাবলগীয়া হোৱাটো বেদনাদায়ক বুলি মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷

You might also like