নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাণীৰ কপিলী বনভোজস্থলীত সুৰাপায়ী আৰু হেলমেট পৰিধান নকৰা বাইক আৰোহীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

নিয়মীয়া বার্তা, ২ জানুৱাৰী: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী আৰু পৰিবহণ বিভাগক ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত নিৰ্দেশ দিয়াৰ পাছৰে পৰাই ৰাজ্যজুৰি আৰক্ষী আৰু পৰিবহণ বিভাগে ৰাজ্যজুৰি ৰাজপথত নিৰন্তৰ অভিযান চলাই আছে । আনকি বনভোজলৈ যোৱা চালকেও যাতে সুৰাপান কৰি বাহন চলাব নোৱাৰে তাৰ ওপৰতো চকু ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে । স্বয়ং মুখ্যমন্ত্ৰীয়ে নিজেই বছৰৰ অন্তিম দিনৰ দিনা নিজেই আৰক্ষীক লগত লৈ গুৱাহাটীৰ ৰাজপথত পুৱতি নিশালৈ সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলায় । সমান্তৰালভাৱে ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়েও পৰিবহণ বিভাগৰ এটা দল লৈ নিশা গুৱাহাটীৰ ৰাজপথত অভিযান চলায় । আনহাতে সুৰাপানজনিত দুৰ্ঘটনা ৰোধৰ স্বাৰ্থত মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ৰাজ্যৰ বনভোজস্থলী সমুহতো শেহতীয়াভাবে সুৰাপায়ীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে । পহিলা জানুৱাৰীৰ দিনা পশ্চিম গুৱাহাটীৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ৰাণীৰ কপিলী বনভোজস্থলীত ৰাণী আৰক্ষীৰ এটা দলে ব্ৰেথ এনালাইজাৰেৰে অভিযান চলায় । অভিযানকালত বনভোজ খাৱলৈ অহা বহু লোকক ব্ৰেথ এনালাইজাৰৰে সুৰাপান কৰিছে নেকি তাক পৰীক্ষা কৰে আৰক্ষীয়ে । ইফালে বাইকত অহা বাইক আৰোহিয়ে হেলমেট পৰিধান নকৰাৰ ফলত ভৰিৱলগিয়া হ’য় ২০০০ , ৩০০০ টকালৈ জৰিমনা । ৰাণী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অশোক কুমাৰ সিঙৰ নেতৃত্বত চলা এই অভিযানত কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ ৰয়েও উপস্থিত থাকি নিয়ম ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱা দেখা যায় । অৱশ্যে ইয়াৰ মাজতেই চি আৰ পি এফৰ জোৱানসকলৰ একাংশই কপিলী বনভোজস্থলীলৈ হেলমেট পৰিধান কৰি নহাত লজ্জাজনক অনুভৱ কৰি জৰিমনা বিহি আৰক্ষীয়ে জোৱানকেইজনক ভৱিষ্যতে এনে কাৰ্য নকৰিবলৈ সকিয়নি প্ৰদান কৰাও পৰিলক্ষিত হয় আৰক্ষীয়ে । ইফালে ৰাণীৰ এই মনোৰোম বনভোজস্থলীত প্ৰতিবছৰে হেজাৰ হেজাৰ বনভোজকাৰী দলৰ আগমনে অসমৰ পৰ্যটন ক্ষেত্ৰখনলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে ।

You might also like