নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ CAAক লৈ পুনৰ সৰৱ জুবিন গাৰ্গ। নতুন দল গঠনৰ সন্দৰ্ভত জুবিন গাৰ্গে কয় যে নতুন দল গঠনৰ কথাটো এতিয়াও অহা নাই। নতুন দল হ’বও পাৰে নহ’বও পাৰে, লুৰিণ, মই আৰু দীপাংকই নতুন দলৰ কথা কৈছো। সমুজ্জ্বল ভট্টাচাৰ্যই এতিয়াও নতুন দলৰ কথা কোৱা নাই। বিদ্ৰোহত আমি বহু কথাই কৈছো। CAA বাতিল নোহোৱালৈকে বিদ্ৰোহ চলি থাকিব বুলি কয় জুবিন গাৰ্গে। বৰপেটাৰ বহৰিত জুবিনৰ নতুন সংকল্প বুঢ়া হৈছো দাড়ি পকি গৈছো, কিন্তু CAA বাতিল নোহোৱালৈকে দাড়ি নাকাটো। নতুন দল গঠন হ’ব পাৰে বা নহ’বও পাৰে, সেইটো বেলেগ কথা কিন্তু মই কেতিয়াও ৰাজনীতিত নোসোমাও। মই সদায় ৰাইজৰ জুবিন গাৰ্গ হৈ থাকিম। নতুন দল গঠন হ’লে মই সমৰ্থন কৰিম কিন্তু সেই দলটো মই নাথাকো বুলিও মন্তব্য কৰে জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীয়ে।
Prev Post
Next Post