জীৱনৰ কঠিনতম আঘাতকো নেওচি সমাজ পৰিৱৰ্তনৰ এক উজ্জ্বল দৃষ্টান্তেৰে উনুকিয়াই পৰিছে দক্ষিণ কামৰূপৰ পলাশবাৰীৰ এগৰাকী সাহসী মহিলা কৰৱী দাস। চৰম দুৰ্যোগৰ সময়তো হাৰ নমনা কৰৱী বৰ্তমান সমগ্ৰ অঞ্চলটোৰ বাবে এক প্ৰেৰণাৰ উৎস হৈ পৰিছে।
১৯৮৯ চনত গুইমাৰা দক্ষিণ হাতীপাৰাত জন্মগ্ৰহণ কৰা কৰৱী দাস শিক্ষক খগেন চন্দ্ৰ দাস আৰু পদ্মিনী দাসৰ জীয়ৰী। সৰুৰে পৰা অত্যন্ত নম্ৰ স্বভাৱৰ কৰৱীয়ে গুইমাৰা এ ভি স্কুলত প্ৰাথমিক শিক্ষা আৰু নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুলত হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰে। পৰৱৰ্তী সময়ত তেওঁ মিৰ্জা ছোৱালী মহাবিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰে। ২০১২ চনত দিবাকৰ দাসৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা কৰৱীৰ জীৱনলৈ ২০১৬ চনত এক কালধুমুহা নামি আহে। সেনাত কৰ্মৰত দিবাকৰ এক দুৰ্ঘটনাত শ্বহীদ হয় ৷
কোলাত একমাত্ৰ সন্তান অভিৰণ দিবাকৰ দাসক লৈ অথাই সাগৰত পৰা কৰৱীয়ে কিন্তু সেই ভাঙি পৰা পৰিস্থিতিক নিজৰ শক্তিৰে সজাই লয়। স্বামীহাৰা হোৱাৰ পিছত ২০১৭ চনত তেওঁ দেশসেৱাৰ এক মহান সংকল্পৰে মহিলা সেনা জোৱান হিচাপে ভাৰতীয় সেনাত যোগদান কৰে। সেনাৰ কঠোৰ অনুশাসন আৰু কৰ্তব্যবোধে তেওঁক অধিক শক্তিশালী কৰি তোলে। পৰৱৰ্তী সময়ত তেওঁ বিভিন্ন চৰকাৰী, বেচৰকাৰী আৰু সামাজিক কাম-কাজৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ পৰে।
বৰ্তমান তেওঁ বিশিষ্ট সামাজিক সংগঠন ‘নদী আৰু নাৰী’ৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সভানেত্ৰী হিচাপে নিষ্ঠাৰে দায়িত্ব পালন কৰি আছে। সমাজসেৱাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা অনন্য। ২০১৮ চনত এক পথ দুৰ্ঘটনাত পতিত হোৱা এজন যুৱকক নিজৰ তৎপৰতাৰে সময় মতে চিকিৎসালয়লৈ প্ৰেৰণ কৰি কৰৱীয়ে এক নতুন জীৱন দান দিছিল। আনহাতে, কৰোনা মহামাৰীৰ বিভীষিকাৰ সময়ছোৱাত এইগৰাকী সমাজদৰদী কৰৱী দাসে ১০৭টা দুখীয়া পৰিয়ালক সাহায্য বিতৰণ কৰিছিল ৷ ইয়াৰ উপৰি অঞ্চলটোৰ বহু দুখীয়া-দৰিদ্ৰ লোকক বিভিন্ন সময়ত আৰ্থিক তথা সামাজিকভাৱে সহায় কৰাটো তেওঁৰ জীৱনৰ ব্ৰত হৈ পৰিছে।
কেৱল সমাজসেৱাই নহয়, কৰৱী দাসৰ সাহিত্য চৰ্চাৰ প্ৰতিও আছে এক সুকীয়া অনুৰাগ। দক্ষিণ কামৰূপৰ পলাশবাৰী অঞ্চলৰ এইগৰাকী সাহসী মহিলাই প্ৰমাণ কৰি দেখুৱালে যে দৃঢ় ইচ্ছা আৰু সাহস থাকিলে জীৱনৰ যিকোনো ঘাত-প্ৰতিঘাতক নেওচি সমাজৰ বাবে চাকিটি হৈ জ্বলিব পাৰি।
নিয়মীয়া বাৰ্তা, পলাশবাৰী, ৪ জুন :