নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধনবল! ৯৫ লাখলৈ বৃদ্ধি নিৰ্বাচনী ব্যয়

লোকসভা নিৰ্বাচনত এজন প্ৰাৰ্থীয়ে সৰ্বাধিক ব্যয় কৰিব পাৰিব ৯৫ লাখ টকা। পূৰ্বে এই পৰিমান ৭০ লাখত সীমিত আছিল। নিৰ্বাচন আয়োগৰ পৰামৰ্শৰ ভিত্তিত এই সিদ্ধান্ত জাৰি কৰিছে আইন মন্ত্ৰালয়ে। নতুন নিৰ্দেশমৰ্মে বিধানসভা নিৰ্বাচনত এজন প্ৰাৰ্থীৰ ব্যয় পৰিমাণ বৃদ্ধি কৰা হৈছে ৪০ লাখলৈ। পূৰ্বে এই পৰিমান ২৮ লাখ আছিল। আগন্তুক ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পৰা এই নতুন নিৰ্দেশনা কাৰ্যকৰী হ’ব।

You might also like