পৰীমিতা দাসৰ ভগ্নী–ইন্দ্রেশ্বৰ বৰাৰ পত্নীক শিক্ষা বিভাগত নিযুক্তি
নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ যোৱা বছৰ ৮ ছেপ্টেম্বৰত নিমাতী ঘাটত ফেৰী দুর্ঘটনাত প্রাণ হেৰুওৱা পৰীমিতা দাস আৰু ইন্দ্রেশ্বৰ বৰাৰ নিকটাত্মীয়ক শনিবাৰে ৰাজ্য চৰকাৰে শিক্ষা বিভাগত নিযুক্তি দিয়ে৷ জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ কার্যালয় সভাগৃহত আয়োজিত এক অনুষ্টুপীয়া অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রয়াত পৰীমিতা দাসৰ ভগ্নী মধুমিতা দাসক ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্রশিক্ষণ পৰিষদ (এছ চি ই আৰ টি)ত সহকাৰী অধ্যাপক আৰু প্রয়াত ইন্দ্রেশ্বৰ বৰাৰ পত্নী ৰূপৰেখা বৰা সেনাপতিক লখিমপুৰ জিলাৰ এখন বিদ্যালয়ত চতুর্থ শ্রেণীৰ কর্মচাৰী পদত নিযুক্তি–পত্র প্রদান কৰে৷ নিমাতী ঘাটৰ ফেৰী দুর্ঘটনাত প্রাণ হেৰুওৱা তৃতীয়গৰাকী ব্যক্তি ডাঃ বিক্রমজিৎ বৰুৱা যিহেতু চৰকাৰী চিকিৎসালয়ৰ চিকিৎসক আছিল, সেয়ে তেওঁৰ পৰিয়ালে মৃতকৰ অৱসৰৰ বয়সলৈকে সম্পূর্ণ দৰমহা লাভ কৰি থাকিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰে৷ অনুষ্ঠানত প্রদান কৰা চমু ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মানৱ জীৱন হেৰুওৱা ঘটনাৰ প্রতি ৰাজ্য চৰকাৰখনৰ সহানুভূতি আৰু সংবেদনশীলতাৰ প্রতীক হিচাপে তথা ভুক্তভোগী পৰিয়ালক সহায় কৰাৰ বাবে চৰকাৰে মৃতকৰ পৰিয়ালৰ যোগ্য নিকটাত্মীয়ক চৰকাৰী চাকৰি প্রদান কৰাৰ সিদ্ধান্ত লৈছে৷
আনকি যোৱা ১০ ডিচেম্বৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকতো এই সিদ্ধান্ত গ্রহণ কৰা হয়৷ আজি নিযুক্তি–পত্র লাভ কৰা ব্যক্তি দুগৰাকীয়ে যাতে কোনো বিভাগৰ ওচৰলৈ নোযোৱাকৈ তেওঁলোকৰ প্রথম মাহৰ দৰমহা অতি সোনকালে লাভ কৰে, সেয়া সুনিশ্চিত কৰিবলৈ শিক্ষা বিভাগক নির্দেশ দিয়ে৷ ডাঃ বিক্রমজিৎ বৰুৱা সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে নিয়মীয়া দৰমহাৰ লগতে যদি তেওঁৰ পৰিয়ালক যিকোনো সময়ত আর্থিক সহায়ৰ প্রয়োজন হয়, তেন্তে তেনে মুহূর্তত চৰকাৰ পৰিয়ালটোৰ কাষত থিয় দিব৷ অসাধাৰণ ঘটনাত মৃত্যুবৰণ কৰা লোকসকলৰ নিকটাত্মীয়ক চাকৰি প্রদান কৰাৰ বাবে বর্তমানৰ চৰকাৰৰ প্রতিশ্রুতিৰ কথা দোহাৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যৰ সাংবিধানিক সীমা সুৰক্ষাৰ স্বার্থত অসম–মিজোৰাম আন্তঃৰাজ্যিক সীমান্তত প্রাণ হেৰুওৱা সুৰক্ষা বাহিনীৰ লোকসকলৰ নিকটাত্মীয়ক চাকৰি প্রদান কৰাৰ ক্ষেত্রতো চৰকাৰে যথেষ্ট তৎপৰতাৰ পৰিচয় দিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই নিযুক্তিপ্রাপ্তসকলৰ শুভকামনা জ্ঞাপন কৰাৰ লগতে নিমাতী ঘাটৰ ফেৰী দুর্ঘটনাত প্রাণ হেৰুওৱা ব্যক্তিসকলকো স্মৰণ কৰি তেওঁলোকৰ বিদেহ আত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনায়৷ উল্লেখ্য যে সেই ফেৰী দুর্ঘটনাত ৮৯জন যাত্রীক সুকলমে উদ্ধাৰ কৰা হৈছিল৷
ইপিনে নিযুক্তি লাভ কৰাৰ পাছত প্রয়াত পৰীমিতা দাসৰ ভগ্নী মধুমিতা দাসে নিমাতী ঘাটৰ ফেৰী দুর্ঘটনাৰ স্মৃতি ৰোমন্থন কৰি কয় যে ৰাতি বিছনাত শুলেই সেই ঘটনাটোৰ কথা মনত পৰে৷ প্রতিটো মুহূর্ততে, প্রতিটো ক্ষণতে সেই ঘটনা মনত পৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে কোনো পৰিয়ালে যাতে জীৱনত এনেধৰণৰ শোক পাবলগীয়া নহয়, তাকেই তেওঁ কামনা কৰে৷ সেইদৰে প্রয়াত ইন্দ্রেশ্বৰ বৰাৰ পত্নী ৰূপৰেখা বৰা সেনাপতিয়ে মাজুলীৰ দলংখন অতি সোনকালে হৈ উঠাৰ কামনা কৰি তেওঁক নিযুক্তি দিয়া বাবে মুখ্যমন্ত্রী ড০ শর্মাক কৃতজ্ঞতা জ্ঞাপন কৰে৷ ড০ শর্মাক মানৱ দৰদী মুখ্যমন্ত্রী বুলি অভিহিত কৰি কয় যে মুখ্যমন্ত্রীৰ পৰা তেওঁ বহু সাহস পাইছে৷ আজিৰ পৰা তেওঁৰ জীৱনটো নতুনকৈ আৰম্ভ হৈছে বুলি উল্লেখ কৰি কয় যে তেওঁ জীৱনত নতুনকৈ যুঁজাৰ সংকল্প লৈছে৷ আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব, বিধায়ক জয়ন্ত মল্ল বৰুৱা, অসম চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ড০ ননীগোপাল মহন্তও উপস্থিত থাকে৷