নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮ জুনৰ পৰা জুবিন গার্গ হত্যাৰ বিচাৰ প্রক্রিয়া

অহা ৮ জুনৰ পৰা জুবিন গার্গ হত্যা গোচৰৰ বিচাৰ প্রক্রিয়া আৰম্ভ হ’ব৷ ৮ জুনৰ পৰা ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্রেক আদালতত জুবিন গার্গ হত্যা গোচৰত সাক্ষী তথা এজাহাৰকাৰীসকলৰ সাক্ষ্যগ্রহণ কৰা হ’ব৷

ন্যায়াধীশ শর্মিলা ভূঞাৰ আদালতে ৮ জুনৰ দিনা আদালতত সাক্ষ্য প্রদান কৰিবলৈ চাৰিজন সাক্ষী আৰু আবেদনকাৰীক সাক্ষ্যদানৰ বাবে জাননী দিছে৷ মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গার্গৰ হত্যা গোচৰৰ প্রথম এজাহাৰকাৰী মৰিগাঁৱৰে ৰাতুল বৰা, মৰিগাঁও থানাৰ ভাৰপ্রাপ্ত বিষয়া প্রণৱ শইকীয়া আৰু ভাস্কৰ বর্মনক সাক্ষীৰ বাবে জাননী দিছে আদালতে৷

উল্লেখ্য যে জুবিন গার্গৰ হত্যা গোচৰত প্রথম এজাহাৰ দিয়া ৰাতুল বৰাই জুবিন গার্গক হত্যা কৰা হৈছে বুলি সন্দেহ কৰি মৰিগাঁও থানাত এজাহাৰ দাখিল কৰিছিল৷ ৰাতুল বৰাই এজাহাৰত জুবিন গার্গক জুই–পানীৰ পৰা নিলগাই ৰখাৰ চিকিৎসাজনিত কাৰণ ছিংগাপুৰত হত্যাত অভিযুক্তসকলে মানি চলা নাছিল বুলি অভিযোগ উত্থাপন কৰিছিল৷

এজাহাৰকাৰী ৰাতুল বৰাই এজাহাৰত জুবিন গার্গ হত্যাৰ সন্দেহ প্রকাশ কৰি আন বহু চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছিল৷ এই এজাহাৰকে ভিত্তি কৰি চিআইডিয়ে জুবিন গার্গ হত্যা গোচৰৰ তদন্ত চলাই নিছিল৷

স্মর্তব্য যে জুবিন গার্গ হত্যা গোচৰৰ ৭ অভিযুক্তৰ বিৰুদ্ধে ইতিমধ্যে ফাষ্টট্রেক আদালতে চার্জফ্রেম কৰিছে৷ শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী, সিদ্ধার্থ শর্মা, অমৃতপ্রভা মহন্ত, সন্দীপন গার্গ, দুই দেহৰক্ষী ক্রমে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে ফাষ্টট্রেক আদালতে হত্যাৰ ধাৰা আৰোপ কৰিছে৷

জুবিন গার্গ হত্যা গোচৰৰ মূল অভিযুক্ত সিদ্ধার্থ শর্মাৰ বিৰুদ্ধে ৩ (৬), ৩ (৭), ৩ (৮), ৬১ (২), আৰ/ডব্লিউ ১০৩ (১), ৬১ (২), আৰ/ডব্লিউ ৩১৬ (৫) ধাৰা সংলগ্ন কৰিছে৷ সেইদৰে শ্যামকানু মহন্তৰ বিৰুদ্ধে (৬), ৩ (৭), ৩ (৮), ৬১ (২), আৰ/ডব্লিউ ১০৩ (১), ৩০৮ (২), ৩১৮ (৪) আৰু ২৩৮ ধাৰা সংলগ্ন কৰিছে৷ শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে ৩ (৬), ৩ (৭), ৩ (৮), ৬১ (২), আৰ/ডব্লিউ ১০৩ (১), ৩১৬ (৫) ধাৰা আৰোপ কৰা হৈছে৷

ইয়াৰ সমান্তৰালকৈ অমৃতপ্রভা মহন্তৰ বিৰুদ্ধে ৩ (৬), ৩ (৭), ৩ (৮), ৬১ (২), আৰ/ডব্লিউ ১০৩ (১) আৰু ২৩৮ ধাৰা, সন্দীপন গার্গৰ বিৰুদ্ধে ১০৫ ধাৰা, নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে ৬১ (২), আৰ/ডব্লিউ ৩১৬ (৫) ধাৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে ৬১ (২), আৰ/ডব্লিউ ৩১৬ (৫) ধাৰা আৰোপ কৰা হৈছে৷

উল্লেখ্য যে এই অভিযুক্ত ৭জনৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ৩৬,৩৭,৩৮ৰ অধীনত বিচাৰ প্রক্রিয়া চলিব বুলি গোচৰৰ লোক অধিবক্তা জীয়াউল কামাৰে পূর্বে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছিল৷

স্মর্তব্য যে জুবিন গার্গৰ মৃত্যুৰ পাছত তেওঁক হত্যা কৰা হৈছে বুলি ৰাজ্যৰ বিভিন্ন প্রান্তৰৰ পৰা ৮৫খনতকৈয়ো অধিক এজাহাৰ বিভিন্ন থানাত এজাহাৰকাৰীয়ে দাখিল কৰিছিল৷ এতিয়া অহা ২০জুনলৈকে এই এজাহাৰকাৰীসকলক পর্যায়ক্রমে সাক্ষ্য দানৰ বাবে মতা হ’ব৷ তাৰ উপৰি পর্যায়ক্রমে জুবিন গার্গৰ হত্যাৰ গোচৰত ১৬১জন সাক্ষীক পর্যায়ক্রমে আদালতত সাক্ষ্য প্রদানৰ বাবে মতা হ’ব৷

ডিজিটেল ডেস্ক, ৩ জুন

You might also like