অসামৰিক চিকিৎসালয়ৰ কদর্যময় পৰিৱেশত ক্ষুণ্ণ মন্ত্রী পীয়ূষ
নিয়মীয়া বার্তা, 20 জানুৱাৰীঃ প্রধানমন্ত্রী ৰাষ্ট্রীয় ডায়েলাইছিছ আঁচনিৰ অধীনত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ বিনামূলীয়া ডায়েলাইছিছ কেন্দ্রটোৰ দেওবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্রী পীয়ূষ হাজৰিকাই৷
উক্ত কার্যসূচীৰ লগত সংগতি ৰাখি চিকিৎসালয়খনৰ চৌহদত আয়োজিত এখন ৰাজহুৱা সভাত মুখ্য অতিথি ৰূপে অংশগ্রহণ কৰে মন্ত্রী হাজৰিকাই৷ সভাখনত ভাষণত মন্ত্রী হাজৰিকাই কয়– ‘আজি ধুবুৰী জিলাৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ দিন বুলি মই উপলব্ধি কৰোঁ৷ ৰাষ্ট্রীয় ডায়েলাইছিছ আঁচনিৰ অধীনত বিনামূলীয়া ডায়েলাইছিছ চেণ্টাৰটো আমি অসম চৰকাৰৰ হৈ উছর্গা কৰিলোঁ৷’
পোনপ্রথমবাৰৰ বাবে ধুবুৰী জিলাত উপলব্ধ হোৱা এই ডায়েলাইছিছ চেণ্টাৰটোৱে জিলাখনৰ বৃক্ক ৰোগত আক্রান্ত ৰোগীয়ে বিনামূলীয়াকৈ ডায়েলাইছিছ কৰাৰ সুবিধা লাভ কৰাৰ উপৰি এনে ৰোগীসকলে ডায়েলাইছিছ কৰোঁতে পূর্বৰ দৰে অর্থ ব্যয় কৰিব নালাগিব বুলি মন্তব্য কৰে মন্ত্রীগৰাকীয়ে৷
আনহাতে, ধুবুৰীৰ ঝগৰাৰপাৰস্থিত অসামৰিক চিকিৎসালয়খনৰ লেতেৰা পৰিৱেশক লৈ ক্ষুণ্ণ মন্ত্রী হাজৰিকাই স্বচ্ছতাৰ ক্ষেত্রত প্রতিমাহে তিনি লাখ ব্যয় কৰি থকা হোৱা সত্ত্বেও চিকিৎসালয়খনৰ এনে লেতেৰা পৰিৱেশ কোনোপধ্যেই গ্রহণযোগ্য নহয় বুলি উল্লেখ কৰে৷ তেওঁ জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক আৰু ধুবুৰী অসামৰিক চিকিৎসালয়খনৰ অধীক্ষকগৰাকীক ১০ দিনৰ ভিতৰত বিহীত ব্যৱস্থা লোৱাৰ নির্দেশ দিয়ে৷ লগতে ৰাইজকো চিকিৎসালয়খন চাফ–চিকুণ কৰি ৰাখিবলৈ সহায়–সহযোগিতা কৰিবলৈ অনুৰোধ জনায়৷