আলগাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্বৃত্তৰ গুলীত আহত ২
নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰী : ভোগালী বিহুৰ নিশা সকলোৱে আনন্দ উলাহত ব্যস্ত থকাৰ সময়ত হাইলাকান্দিত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। এগৰাকী গৰু ব্যৱসায়ীক গুলীয়াই হত্যা কৰাৰ চেষ্টা কৰা হয় । জানিব পৰা মতে, পালচাৰ বাইকত অহা তিনিজন ব্যক্তিয়ে শুকুৰবাৰে নিশা প্ৰায় ৯ বজাত আলগাপুৰ বিধানসভা সমষ্টিৰ চিপৰচাংগান ৰাষ্ট্ৰীয় ঘাইপথত গুলীচালনা কৰে। ইয়াৰ ফলত মাচুক আহমেদ বৰভুঞা নামৰ এজন গৰু ব্যৱসায়ী গুলীবিদ্ধ হয় । তদুপৰি মুস্তাফা আহমেদ নামৰ আন এজন যুৱক সামান্য আঘাতপ্ৰাপ্ত হৈছে। গুলীচালনাত আহত দুই যুৱক পাঁচগ্ৰাম সাপ্তাহিক গৰু বজাৰত গৰু কিনিবলৈ গৈছিল। এখন বাইকত থকা তিনিজন ব্যক্তিয়ে তেওঁলোকক বাইক খন ৰখাবলৈ কৈছিল। তেওঁলোকে বজাৰৰ পৰা ঘৰলৈ ওভোতাৰ সময়ত এএছ ২৪ ৮১০৩ নম্বৰৰ বাইক লৈ চিপৰচাংগানলৈ আহিছিল। তিনিজন দুৰ্বৃত্তই বাইকখন ৰখাবলৈ কৈ ব্যস্ততম ঘাইপথত পিছফালৰ পৰা তেওঁলোকৰ ওপৰত গুলীচালনা কৰে। পিছত মিজোৰামৰ পৰা অহা এজন লৰী চালকে দুই আহত যুৱকক তেজৰে লুতুৰী পুতুৰী অৱস্থ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায়।গুৰুতৰ আহত মাচুক আহমেদক তৎক্ষণাৎ শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তেওঁ বৰ্তমান তাত চিকিৎসাধীন হৈ আছে ।
ইফালে, আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে তথ্য লাভ কৰি শুকুৰবাৰে নিশাই ঘটনাস্থলীত উপস্থিত হয়। তেওঁ প্ৰাথমিক তদন্ত আৰম্ভ কৰে। ডিআইজি কোঙ্কন জ্যোতি শইকিয়া শনিবাৰে দিনৰ ভাগত আলগাপুৰলৈ আহে। তেওঁ ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্তৰ নিৰ্দেশ দিয়ে। সাংবাদিকৰ আগত ডিআইজিয়ে কয় যে, দুয়ো ব্যক্তি বৰ্তমান বিপদমুক্ত। এজন ব্যক্তি চিকিৎসাধীন হৈ আছে। ঘটনাটোৰ আৰক্ষীৰ তদন্ত অব্যাহত আছে।