নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনঃ বৰহোলা-মাধপুৰ সমষ্টিত বিজেপি মিত্ৰযোঁটৰ নিৰ্বাচনী প্ৰচাৰত মন্ত্ৰী পিয়ূষ হাজৰিকা, অতুল বৰা

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰী : সমাগত ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। নিৰ্বাচনক কেন্দ্ৰ কৰি তুংগত উঠিছে শাসক বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ। শনিবাৰে ২ নং বৰহোলা সমষ্টিৰ অন্তৰ্গত ৰজাবাৰীত বিজেপি মিত্ৰযোঁটৰ প্ৰাৰ্থী মনচুমী পাঠকৰ এক বৃহৎ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। সভাত মন্ত্ৰী পিয়ূষ হাজৰিকা, কৃষিমন্ত্ৰী অতুল বৰা, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ, দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱলা, যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতা আদিয়ে অংশগ্ৰহণ কৰে।

সভাত বিজেপিৰ মন্ত্ৰী, সাংসদ, বিধায়কসকলে ভাষণ প্ৰসংগত কংগ্ৰেছ দলটোক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে উন্নয়ণৰ স্বাৰ্থত বিজেপি মিত্ৰজোঁটক ভোটদানৰ আহ্বান জনায়। উল্লেখ্য যে ২ নং বৰহোলা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী গৰাকীক বিজেপি মিত্ৰজোঁটে প্ৰধান বিৰোধী হিচাপে লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে। মন্ত্ৰী পিয়ূষ হাজৰিকাই সংবাদ মাধ্যমৰ আগত নিৰ্দলীয় প্ৰাৰ্থী গৰাকী প্ৰধানকৈ কতাক্ষ কৰি কয় যে নিৰ্দলীয় নিৰ্দলীয়ই, নিৰ্দলীয়ৰ প্ৰতি কাৰো মৰমো নাই, আদৰ্শও নাই, আস্থাও নাই। গতিকে নিৰ্দলীয়ক ভোট দিলে ভোটটো নষ্ট হ’ব। অসমৰ ভৱিষ্যতৰ বাবে সকলো একত্ৰিত হৈ বিজেপি মিত্ৰযোঁটক ভোটদানৰ অনুৰোধ জনাই মন্ত্ৰী পিয়ূষ হাজৰিকাই।

আনহাতে কৃষি মন্ত্ৰী অতুল বৰাই সংবাদ মাধ্যমৰ আগত কয় — ” ৰাইজে আজি কথাবোৰ বুজি উঠিছে। ৰাইজে পৰিবৰ্তন বিচাৰিছে। ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত বৰহোলাকে ধৰি ১০ টা সমষ্টিত বিজেপি মিত্ৰযোঁটৰ প্ৰাৰ্থী জিকিব। মানুহৰ মনত আগৰ কিছু ধাৰণা থাকিব পাৰে। বাস্তৱ কিন্তু এইবাৰ বেলেগ হ’ব। তাত কোনো সন্দেহ নাই। ৰাইজে ভোট দিব।” ইফালে পৰিষদৰ ৩ নং মাধপুৰ সমষ্টিৰ বিজেপি মিত্ৰযোঁটৰ প্ৰাৰ্থী প্ৰতাপ কছাৰীৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বুধবাৰে আবেলি বৰহোলাৰ বাগৰদিয়াত উপস্থিত হয় মন্ত্ৰী পিয়ূষ হাজৰিকা। মন্ত্ৰীৰাকীৰ লগত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ, মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আদিয়ে। যথেষ্ট সংখ্যক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত নিৰ্বাচনী সভাত ভাষণ প্ৰসংগত মন্ত্ৰী পিয়ূষ হাজৰিকাই কংগ্ৰেছ দলটোৰ লগতে তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাক তীব্ৰ সমালোচনা কৰি কয় ”কংগ্ৰেছৰ মিছা কথাৰ বাবেই আজিৰ পৰা সাত বছৰ আগতে মই কংগ্ৰেছ ত্যাগ কৰিছিলোঁ। কংগ্ৰেছৰ মানুহে আজিকালি মিছা কথা কৈয়েই ফুৰে। মোক দলৰ কাৰ্যকৰ্তাই কৈছে যে তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই চাৰিশ কোটি টকা আনিব বুলি কৈ ফুৰে। আকৌ বোলে জল জীৱন মিচনো তেওঁ আনিছে বুলি কয়। জল জীৱন আঁচনি ৰূপায়ণ কৰিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। নৰেন্দ্ৰ মোডীয়ে আজিৰ পৰা দুবছৰ আগতে এটা শ্ল’গান দিছিল যে ঘৰ ঘৰ নল, ঘৰ ঘৰ জল। সেই জল জীৱন আঁচনিয়েই বৰ্তমান নৰেন্দ্ৰ মোডীয়ে আনিছে। ইয়াত কোনো ভাস্কৰ বৰুৱাই অনা নাই। এনেকুৱা মিছা কথা কোৱা মানুহক এটা শিক্ষা দিব লাগে। এনেকুৱা মিছা কথা কোৱা মানুহ আকৌ যদি আপোনালোকৰ ভোট লৈ জিকে এই সমষ্টিত সৱ মানুহ মিছা কথা কোৱা হ’ব। এনেকুৱা পৰিবেশ আমাক নালাগে।”

আনহাতে মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা কেইবাটাও পদক্ষেপক প্ৰশংসা কৰে মন্ত্ৰী পিয়ূষ হাজৰিকাই। ১৯৪০ টকা প্ৰতি কুইণ্টল কৈ দহ লাখ মেট্ৰিক টন ধান এফ চি আয়ে ক্ৰয় কৰা, দহ লাখ লিটাৰ গাখীৰ উৎপাদন, অৰুণোদয়, বৃদ্ধ, বিধৱা পেঞ্চন আদিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে ৩ নং মাধপুৰ সমষ্টিৰ প্ৰাৰ্থী প্ৰতাপ কছাৰীয়ে প্ৰৱল প্ৰতিদ্বন্দিতাৰে সমষ্টিটোৰ প্ৰান্তে প্ৰান্তে গৈ প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে। প্ৰতাপ কছাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে পৰিষদৰ জন্মলগ্নৰে পৰা তেওঁ জড়িত হৈ ৰাইজৰ সেৱা কৰি আহিছে। আৰু আগন্তুক দিনটো ৩ নং মাধপুৰ সমষ্টিৰ উন্নয়ণৰ বাবে নিষ্ঠাৰে কাম কৰিবলৈ সংকল্পবদ্ধ বুলি প্ৰকাশ কৰে প্ৰতাপ কছাৰীয়ে। প্ৰণিধানযোগ্য যে ২ নং বৰহোলা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী বন্দিতা শইকীয়া আৰু কংগ্ৰেছ প্ৰাৰ্থী বন্তি বৰা শইকীয়াইয়ো বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মনচুমী পাঠকৰ বিপৰীতে প্ৰতিদ্বন্দিতা আগবঢ়াই সমষ্টিটোৰ প্ৰান্তে প্ৰান্তে গৈ জোৰদাৰ প্ৰচাৰ চলাইছে। মাধপুৰ সমষ্টিতো প্ৰতাপ কছাৰীৰ বিপৰীতে এগৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে তীব্ৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। অৱশ্যে কোনে কিমান ভোটাৰৰ কাষ চাপিব পাৰে সেয়া সময়ত লক্ষণীয় হ’ব।

প্ৰেৰকঃ অজয় শইকীয়া, নগাবাট

You might also like