নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দালাল বিৰোধী অভিযান: নগৰবেৰাত ৩জন আৰু শিমলীতোলাত দুজনক আটক

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ সমগ্ৰ ৰাজ্যতে আৰক্ষী থানাত দালালি কৰা মুঠ ২১০ জনৰ ভিতৰত কামৰূপৰ নগৰবেৰাত পুৱতি নিশাৰ এক অভিযানত ক্ৰমে জাকিৰ হুছেইন মণ্ডল, গোলাপ হুছেইন আৰু আকবৰ আলী নামৰ তিনিজনক নগৰবেৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় যদিও মুঠ ছজনীয়া তালিকাৰ বাকী তিনিজন পলাই সাৰে।

অনুৰূপ ধৰণে প্ৰতিবেশী শিমলীতোলা আৰক্ষী চকী এলেকাৰ আব্দুল জলিল আৰু মিজানুৰ ৰহমান নামৰ এই দুজনকো আটক কৰে আৰক্ষীয়ে।

ইপিনে ধৃত আটাই কেইজনকে আৰক্ষীয়ে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা বুলিও জানিব পৰা গৈছে। আটাইকে আৰক্ষীত এজাহাৰ লিখা আৰু বিভিন্ন কামত মধ্যস্থতাকাৰী হিচাপে কাম কৰাৰ অপৰাধত আটক কৰা বুলিও জানিব পৰা গৈছে।

উল্লেখ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আৰক্ষীৰ নিৰীক্ষণত সাঙোৰ খায় হেনো এইসকলৰ নাম। পৰৱৰ্তী সময়তো আৰক্ষীত দালালি কৰা বহু ৰৌ-বৰালি ৰঙাঘৰৰ আলহী হোৱাৰ ইংগিত আৰক্ষীৰ।

প্ৰেৰকঃ নগৰবেৰাৰ পৰা-সঞ্জীৱ কুমাৰ দাস

 

 

You might also like