নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপা ৰে’লৱে ষ্টেছনত স্নিফাৰ ডগৰ সহায়ত কি বিচাৰিছে আৰক্ষীয়ে ?

নিয়মীয়া বাৰ্তা , ২৪ জানুৱাৰীঃ- গণৰাজ্য দিবসৰ প্ৰাকমূহুৰ্তত বঙাইগাঁও জিলাৰ যোগীঘোপা আৰক্ষী সষ্টম হৈ পৰিছে ।  মাজত মাত্ৰ দুটা দিন বাকী থকাৰ সময়তে জিলা খনৰ যোগীঘোপা অঞ্চলত শান্তিপূৰ্ণভাবে গণৰাজ্য দিবস উদযাপনৰ বাবে যথেষ্ট সতৰ্কতা অৱলম্বন কৰিছে  যোগীঘোপা আৰক্ষীয়ে । দুষ্কৃতিকাৰীয়ে যাতে কোনো ধৰণৰ কুটাঘাত মুলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ ওপৰত  চোকা দৃষ্টি‌ ৰাখিছে আৰক্ষীয়ে   । যোগীঘোপা নৰনাৰায়ণ সেতুৰ কাষত ৰাষ্ট্ৰীয় ঘাইপথত আজি‌সন্ধিয়াৰ ভাগত‌ আৰম্ভ কৰিছে ব্যাপক তালাচী‌ । ঘাই পথৰে গোৱালপাৰা দিশৰ পৰা অহা  যান বাহন সমুহ পৰীক্ষা কৰিছে আৰক্ষীয়ে ।  বঙাইগাঁও জিলাত প্ৰবেশৰ পুৰ্বে বাহন সমূহ স্নিফাৰ ডগৰ সহায়ত  তন্ন তন্ন পৰীক্ষা কৰিছে আৰক্ষীয়ে । ইয়াৰ লগতে উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়া নিতুমনি দাসৰ উপস্থিতিত যোগীঘোপা ৰেলৱে ষ্টেচন আৰু ট্ৰেকত আৰক্ষীয়ে তালাচী চলায়  । শান্তি পুৰ্ণ ভাৱে গণৰাজ্য দিৱস পালন কৰিবলৈ আৰক্ষীয়ে ৰাইজক‌ আহ্বান জনোৱাৰ লগতে সহায় সহযোগ কামনা কৰিছে ।

You might also like