নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিউয়র্কত ২০০০ কোটিৰে হোটেল ক্রয় আম্বানিৰ

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ ম’বাইল নেটৱর্কৰ ব্যৱসায়ত প্রৱেশ কৰি প্রতিযোগীসকলক দিশহাৰা কৰিছে মুকেশ আম্বানীয়ে৷ ভাৰতৰ এই ধনকুবেৰ মুকেশ আম্বানীয়ে এইবাৰ হোটেল ব্যৱসায় আৰম্ভ কৰিছে৷ নিউয়র্কৰ বিলাসবহুল হোটেল মেন্দাৰিন অ’ৰিয়েণ্টেল ২৭ কোটি মার্কিন ডলাৰেৰে ক্রয় কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্রিজে৷ অর্থাৎ ভাৰতীয় মুদ্রাৰ হিচাপত ২০০০ কোটি টকাতকৈও অধিক ধন খৰচ কৰিছে এই হোটেল ক্রয়ৰ নামত৷ নিউয়র্কৰ হাডছন নদীৰ সমীপতে চেণ্ড্রেল পার্কৰ কলম্বিয়ান চার্কোলত অৱস্থিত এই হোটেল৷ হোটেল ব্যৱসায়ৰ জৰিয়তে এইবাৰ আপ্যায়নৰ জগতখনত টাটা গোষ্ঠীক প্রত্যাহ্বান জনাবলৈ আগবাঢ়িছে মুকেশ আম্বানী৷ হোটেল মান্দাৰিনৰ পৰা টাটা গোষ্ঠীৰ নিউয়র্কৰ তাজৰ দূৰত্ব বেছি নহয়৷ গতিকে বিদেশত ভাৰতৰ এই দুই ধনাঢ়্য ব্যক্তিৰ বাণিজ্যিক প্রতিযোগিতা আৰম্ভ হ’ব বুলি বিভিন্ন মহলে ধাৰণা কৰিছে৷ ২৪৮টা বিলাসী কক্ষৰ এই হোটেলখনত কি ধৰণে অতিথিসকলক শুশ্রূষা কৰা হ’ব তাক লৈ ইতিমধ্যে চিন্তা–চর্চা আৰম্ভ হৈছে৷ ১৪,৫০০ বর্গফুট এলেকাজুৰি বিস্তৃত হৈ আছে হোটেল মান্দাৰিনৰ স্পা আৰু ফিটনেছ চেণ্টাৰ৷ ইয়াৰ উপৰি ছুইমিং পুল, অতিথিসকলৰ মনোৰঞ্জনৰ বিভিন্ন ব্যৱস্থাও ৰখা হৈছে৷ এনিশা এই হোটেলখনত কটাবলগীয়া হ’লে নূ্যনতম খৰচ হ’ব ভাৰতীয় হিচাপত ৫৫ হাজাৰ টকা আৰু হোটেলখনৰ আটাইতকৈ বিলাসী কক্ষটোত কটাবলৈ নিশাটোৰ ভিতৰত খৰচ কৰিব লাগিব প্রায় ১১ লাখ টকা৷

You might also like