নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুখবৰঃ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা আৰক্ষী পদক IPS হীৰেণ চন্দ্ৰ নাথলৈ

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ অসমবাসীলৈ সুখবৰ। অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান হীৰেণ চন্দ্ৰ নাথলৈ ‘ৰাষ্ট্ৰপতিৰ পুলিচ বঁটা’। গণৰাজ্য দিৱসৰ প্ৰাকঃমূহুৰ্তত মঙলবাৰে দেশৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা আগবঢ়োৱা ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা আৰক্ষী পদকৰ বাবে বাচনি লাভ কৰা আৰক্ষী বিষয়া-জোৱানসকলৰ তালিকা ঘোষণা কৰা হৈছে ৷ এই তালিকাত এইবাৰ ১৩ গৰাকী অসম আৰক্ষী বিষয়া-জোৱানলৈ আগবঢ়োৱা হৈছে উৎকৃষ্ট সেৱাৰ পুলিচ মেডেল।

২০২২ চনৰ উৎকৃষ্ট সেৱাৰ পুলিচ মেডেল লাভ কৰা অসমৰ বিষয়া-জোৱানসকল ক্ৰমে- দেৰগাঁৱৰ আৰ টি এছৰ অধিনায়ক হৰেন টকবি, এ পি আৰ অ’ৰ পৰিদৰ্শক ছমেজ উদ্দিন, সহকাৰী উপ পৰিদৰ্শক নুৰুল ইছলাম, সহকাৰী উপ পৰিদৰ্শক অচ্যুত দত্ত, কনিষ্টবল (ইউ বি) মুজাম্মিল হ’ক, মহিলা কনিষ্টবল (ইউ বি) ৰঞ্জুমণি শইকীয়া, কনিষ্টবল (ইউ বি) বিপুল বৰা, কনিষ্টবল (এবি) হীৰেন হাজৰিকা, কনিষ্টবল (ইউ বি) বুলন গোহাঁই, কনিষ্টবল (ইউ বি) অলক পাল আৰু কনিষ্টবল (এবি) জগত তামাঙৰ ওপৰি উত্তৰ গুৱাহাটীৰ কামাণ্ডো বেটেলিয়ানৰ পৰিদৰ্শক জয় দীপ শৰ্মা।

উল্লেখ যে প্ৰত্যেক বছৰেই গণৰাজ্য দিৱসৰ সময়ত আৰক্ষীৰ লোকসকলক বিভিন্ন ক্ষেত্রত আগবঢ়োৱা সেৱাৰ বাবে কেইবাটাও শিতানত মেডেল প্ৰদান কৰি সন্মানিত কৰা হয় ।

You might also like