নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডত নতুনকৈ আক্ৰান্ত ২.৮৬ লাখ

যোৱা ২৪ ঘণ্টাত দেশত ক’ভিডত আক্ৰান্ত হৈছে নতুনকৈ ২,৮৬,৩৮৪ জন লোক। এই সময়ছোৱাত মৃত্যু হৈছে ৫৭৩ জনৰ আৰু আৰোগ্য লাভ কৰিছে ৩,০৬,৩৫৭ লোক। কভিডৰ তৃতীয় ঢৌত মৃত্যু হোৱা সকলৰ সৰহভাগেই এটা ভেকচিন লোৱা অথবা এটাও ভেকচিন নোলোৱা।

মঙলবাৰলৈ দেশত ক’ভিড আক্ৰান্তৰ সংখ্যা ৪ কোটিতকৈ অধিক হোৱা বুলি চৰকাৰী তথ্যত প্ৰকাশ। ইয়াৰে ৫০ লাখেই আক্ৰান্ত হৈছে যোৱা তিনি সপ্তাহত মাত্ৰ। অৱশ্যে যোৱা তিনি দিনত নতুনকৈ আক্ৰান্তৰ সংখ্যা ৩ লাখৰ তলত। ইপিনে, ভেকচিন সম্পূৰ্ণ হৈছে ১৬৩,৮৪,৩৯,২০৭ লোকৰ।

You might also like