নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত চোৰাং কাঠসহ দুখন ট্ৰেক্টৰ জব্দ বন বিভাগৰ

যোৱাকালি সন্ধিয়া বনকৰ্মীৰ এটা টহলদাৰী দলে ধুবুৰী চহৰৰ নিউঘাটৰ কাঠভৰ্তি দুখন ট্ৰেক্টৰ জব্দ কৰাৰ এক ঘটনা পোহৰলৈ আহিছে। ঘটনাৰ বিৱৰণি মতে, যোৱা সন্ধিয়া ধুবুৰীৰ নিউঘাট অঞ্চলত টহল দি থকা সময়ত বনকৰ্মীৰ এটা দলে দুখন কাঠ ভৰ্তি ট্ৰেক্টৰ প্ৰত্যক্ষ কৰে। দলটোৱে ট্ৰেক্টৰ দুখনলৈ চোঁচা ল’য় যদিও বন বিভাগৰ লোক অহাৰ উমান পাই চোৰাং কাঠ সৰবৰাহকাৰীৰ দলটো আৰু ট্ৰেক্টৰৰ চালক পলায়ন কৰে। পিছত কাঠ ভৰ্তি সেই ট্ৰেক্টৰ দুখন জব্দ কৰি বনবিভাগৰ সেই টহলকাৰী দলটোৱে ধুবুৰীৰ ফৰেষ্ট ডিপ’ত জমা দিয়ে। আনহাতে পলায়ন কৰা সেই চোৰাং কাঠ সৰবৰাহকাৰীৰ দলটোৰ সন্ধানত বন বিভাগৰ অনুসন্ধান অব্যাহত থকা বুলি প্ৰকাশ।

You might also like