নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিয়াল কল্যাণ সঞ্চালকালয়ৰ ২০৭পদত চাকৰি

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত পৰিচালিত স্বাস্থ্যসেৱা (পৰিয়াল কল্যাণ) সঞ্চালকালয়ৰ কাৰিকৰী আৰু অকাৰিকৰী বিভাগত খালী হৈছেGrade-III (Technical আৰু Non-Technical) আৰুGrade-IV (Non-Technical)ৰ ভিন্ন বর্গৰ ২০৭টা পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় সঞ্চালকে এক নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আে– ANM/Auxiliary Nurse of Midwives (166), LDA (Computer Assistant)/Steno Typist (16) আৰুGrade-IV (25)৷ANM/Auxiliary Nurse & Midwives পদৰ প্রার্থীIndian Nursing Council আৰ Assam Nursing Councilৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানৰ পৰা ANMৰ ডিগ্রীধাৰী আৰুAssam Nurching Councilত নাম পঞ্জীয়নভুক্ত হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৬,২০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷LDA (Computer Assistant)/Steno Typist পদৰ প্রার্থী কলা/বাণিজ্য/বিজ্ঞানৰ স্নাতক ডিগ্রাধাৰী আৰু কম্পিউটাৰ এপ্লিকেচনৰ এবছৰীয়া পাঠ্যক্রমৰ ডিপ্ল’মাধাৰী হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৬,২০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ শেষত,Grade-IV পদৰ প্রার্থী অষ্টম শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১২,০০০–৫২,০০০ টকাসহ ৩,৯০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ বয়স ১ জানুৱাৰী, ২০২১লৈ ১৮–৪০৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়স শ্রেণীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.dhsfw.assam.gov.in ভিজিট কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ আৰম্ভণি আৰু অন্তিম তাৰিখ বর্তমানলৈকে ঘোষণা কৰা হোৱা নাই৷ আগ্রহীসকলে বিভাগীয় ৱেবছাইট নিয়মীয়াকৈ চাই থাকিব৷

You might also like