মহানগৰ আৰক্ষীৰ বেজত অসমীয়াত লিখা থাকিব নাম- যুটীয়া আৰক্ষী আয়ুক্ত পার্থসাৰথি মহন্তৰ পদক্ষেপ
নিয়মীয়া বাৰ্তা ২৮ জানুৱাৰীঃ সাধাৰণ নাগৰিকৰ সৈতে আৰক্ষীৰ সম্পর্ক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে মহানগৰ আৰক্ষীয়ে গ্রহণ কৰিছে বিশেষ পদক্ষেপ৷ এতিয়াৰে পৰা মহানগৰ আৰক্ষীৰ পোছাকৰ বেজত অসমীয়া ভাষাৰে লিখা থাকিব আৰক্ষীৰ নাম৷ মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পার্থসাৰথি মহন্তৰ উদ্যোগত গ্রহণ কৰা হৈছে এই বিশেষ পদক্ষেপ৷ ইতিমধ্যে মহন্তৰ উপৰি গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হৰমিৎ সিঙৰ পোছাকৰ বেজত অসমীয়া ভাষাতে তেওঁৰ নাম লিখা পৰিলক্ষিত হৈছে৷ এই পদক্ষেপ সন্দর্ভত সংবাদ মাধ্যমৰ আগত মহানগৰীৰ যুটীয়া আৰক্ষী আয়ুক্ত পার্থসাৰথি মহন্তই কয় যে এই পদক্ষেপে আৰক্ষীৰ কাম কৰাত সুবিধা হোৱাৰ লগতে ৰাইজৰ ওচৰ চপাত সহায় কৰিব৷
এই সন্দর্ভত তেওঁ কয়– ‘অসম আৰক্ষীৰ মেনুৱেলত আৰক্ষীৰ ইউনিফর্ম সন্দর্ভত লিখা আছে৷ কিন্তু আৰক্ষীৰ পোছাকৰ বেজ কি ভাষাত হ’ব লাগে, সেই সন্দর্ভত কোনোধৰণৰ নির্দেশনা নাই৷ বেজটো এই কাৰণেই প্রদান কৰা হয় যাতে আৰক্ষীৰ পৰিচয় গোপন হৈ নাথাকে৷ আমি যিহেতু অসমত আছোঁ আৰু অসমীয়াভাষী মানুহৰ সেৱাৰ বাবে আছোঁ, সেয়েহে এই বেজটোত নাম অসমীয়া ভাষাত লিখা থাকিলে সকলোৰে সুবিধা হয়৷ মই কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হৈ থকা সময়তে অসমীয়া ভাষাত নাম বেজত লিখিছিলোঁ৷ তেতিয়াৰ পৰা কামৰূপ জিলাৰ সকলোৱে অসমীয়া ভাষাত লিখা বেজেই ব্যৱহাৰ কৰে৷ এতিয়াৰ পৰা মহানগৰ আৰক্ষীয়েও অসমীয়া ভাষাত লিখা বেজ লগাবলৈ আৰম্ভ কৰিছে৷’
উল্লেখ্য যে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হৈ থকা সময়তে পার্থসাৰথি মহন্তই এই বিশেষ পদক্ষেপ গ্রহণ কৰিছিল৷ তেতিয়াৰ পৰাই উক্ত জিলাখনত আৰক্ষীসকলে অসমীয়া ভাষাত লিখা বেজেই ব্যৱহাৰ কৰি আহিছে৷ কামৰূপ জিলাৰ পাছত ৰাজধানী চহৰখনতো একেই ব্যৱস্থা প্রৱর্তন কৰিবলৈ যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে গ্রহণ কৰা পদক্ষেপে সকলোৰে প্রশংসা বুটলিবলৈ সক্ষম হৈছে৷