নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী শোধনাগাৰ চিকিৎসালয়ত নার্ছৰ শ্লীলতা হানিৰ চেষ্টা চিকিৎসকৰ

অভিযুক্ত ডাঃ ভাস্কৰ বৰুৱা পলাতক

নিয়মীয়া বাৰ্তা ২৮ জানুৱাৰীঃ নুনমাটিস্থিত গুৱাহাটী শোধনাগাৰ হাস্পতালত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা৷ চিকিৎসালয়খনত কর্মৰত ডাঃ ভাস্কৰ বৰুৱাই নিশা সুৰাৰ ৰাগিত মাতাল হৈ এগৰাকী নার্ছৰ শ্লীলতা হানিৰ চেষ্টা চলায়৷ সুৰাৰ ৰাগিত মাতাল চিকিৎসকৰ কবলৰ পৰা কোনোমতে নিজকে ৰক্ষা কৰিবলৈ সক্ষম হয় নার্ছগৰাকী৷ হাস্পতালখনৰ ২নং কেবিনত ৰোগী চোৱাচিতা কৰি থকাৰ সময়তে সুৰামত্ত চিকিৎসক ভাস্কৰ বৰুৱাই নার্ছগৰাকীক ধর্ষণৰ অপচেষ্টা চলায়৷ ঘটনা সন্দর্ভত ভুক্তভোগী নার্ছগৰাকীয়ে নুনমাটি থানাত এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ ধাৰাৰ অধীনত ৫৫/২২ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷ আৰক্ষীয়ে অভিযুক্ত চিকিৎসক ভাস্কৰ বৰুৱাৰ জুৰোডস্থিত বাসগৃহত অভিযান চলাইছিল৷ কিন্তু বাতৰি লিখা পৰলৈকে অভিযুক্ত চিকিৎসক ভাস্কৰ বৰুৱাৰ কোনো সন্ধান উলিয়াব পৰা নাই নুনমাটি আৰক্ষীয়ে৷

You might also like