নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুষ্টাৰ ডজ হিচাবে ব্যবহৃত হ’ব ক’ৰোনাৰ intranasal ভেকচিন! ট্রায়েলত অনুমতি দিলে DCGI

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ ড্রাগ কন্ট্রোলাৰ জেনাৰেল অফ ইণ্ডিয়াই ভাৰত বায়োটেকৰ ইণ্ট্ৰানেজাল ভেকছিন intranasal vaccine ক ক’ৰোনা ভেকছিনৰ বুষ্টাৰ পালি হিচাপে ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰিছে। এই ইণ্ট্ৰানেজাল ভেকছিনক বুষ্টাৰ পালি হিচাপে ব্যৱহাৰ কৰাৰ বাবে দেশৰ ৯ টা স্থানত পৰীক্ষণ অনুষ্ঠিত হ’ব।

বিগত ডিচেম্বৰৰ মাজভাগত ভাৰত বায়োটেকে ক্লিনিকেল পৰীক্ষণ কৰাৰ অনুমতি বিচাৰিছিল। ৫ জানুৱাৰীত DCGI-ৰ বিশেষজ্ঞ সমিতিয়ে ভাৰত বায়োটেকৰ ইনট্ৰেনেজাল ভেকছিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণত অনুমতি দিছিল। এই ভেকছিনটো বুষ্টাৰ হিচাপে ব্যৱহাৰ কৰিব পৰা যাব নে নাই সেই চিন্তাও তেতিয়াৰ পৰা আৰম্ভ হৈছে। জনা গৈছে যে পৰীক্ষণটো ৫ হাজাৰ স্বাস্থ্যৱান লোকৰ ওপৰত কৰা হ’ব। ইয়াৰ ভিতৰত, আধাই কভাক্সিনৰ সম্পূৰ্ণ পালি গ্ৰহণ কৰিছে আৰু আধাই কভিশ্বিল্ড ভেকছিনৰ সম্পূৰ্ণ পালি গ্ৰহণ কৰিছে।

You might also like