চিকিৎসক ভাস্কৰ বৰুৱাক গ্রেপ্তাৰ
নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ গুৱাহাটী শোধনাগাৰ চিকিৎসালয়ৰ এগৰাকী পৰিচাৰিকাৰ শ্লীলতা হানিৰ চেষ্টা চলোৱাৰ অভিযোগত চিকিৎসক ভাস্কৰ বৰুৱাক শুকুৰবাৰে মহানগৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ শুকুৰবাৰে নিশা প্রায় ৮ বজাত এক গোপন সূত্রৰ পম খেদি নুনমাটি আৰক্ষীয়ে কমলপুৰত আত্মগোপন কৰি থকা চিকিৎসক ভাস্কৰ বৰুৱাক গ্রেপ্তাৰ কৰে৷ সম্প্রতি আৰক্ষীয়ে ভাস্কৰ বৰুৱাক ঘটনা সন্দর্ভত জেৰা অব্যাহত ৰাখিছে৷