শ্ৰীমন্ত শংকৰ মিশ্যনৰ ৭৩সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
নিয়মীয়া বাৰ্তা ,৩০ জানুৱাৰীঃ উত্তৰ পূব ভাৰতৰ অন্যতম মানৱ সেৱাৰ স্বেচ্ছাসেৱী সংগঠন শ্ৰীমন্ত শংকৰ মিশ্যনৰ আজি ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱসটি কভিড-১৯ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত অনুষ্ঠুপিয়াকৈ উদযাপন কৰা হয়। শ্ৰীমন্ত শংকৰ মিশ্যনৰ মুখ্য কাৰ্যালয় নগাঁও চহৰৰ পানীগাঁও চাৰিআলিৰ চৌহদত আয়োজন কৰা এই প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি পুৱা ৭.৩০ বজাত স্বচ্ছতা কাৰ্যসূচী ৰূপায়ন কৰাৰ পাছত পুৱা ৯.৩০ বজাত মিশ্যন চৌহদত থকা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন, মাল্য প্ৰদান ক্ৰমে মিশ্যনৰ উপ-সভাপতি ৰঞ্জিত কুমাৰ তামুলী ফুকন আৰু সম্পাদক বল্লদেৱ শৰ্মাই। ইয়াৰ পাছতে শ্ৰীমন্ত শংকৰ মিশ্যনৰ পতাকা উত্তোলন কৰে উপ-সভাপতি ৰঞ্জিত কুমাৰ তামুলী ফুকনে। এই অনুষ্ঠানৰ অন্তত শ্ৰীমন্ত শংকৰ মিশ্যনৰ জন্ম লগ্নৰে পৰা জৰিত মহান পূণ্যাত্মা সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এক স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰে। এই স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰে ইলা কটকী, জ্যেষ্ঠ সদস্য পূণ্যদা বৰাই। পতাকা উত্তোলন স্থলীতে আয়োজিত অনুষ্ঠানত নিজৰ বক্তব্য দাঙি ধৰে মিশ্যনৰ সম্পাদক বল্লদেৱ শৰ্মা, উপ-সভাপতি ৰঞ্জিত কুমাৰ তামুলী ফুকনকে ধৰি মিশ্যনৰ অন্যান্য বিষয়ববীয়া-সদস্য সকলে বিগত সময়খিনিৰ মিশ্যনৰ মানৱ সেৱা সম্পৰ্কে বক্তব্য দাঙি ধৰে। তদুপৰি লোকসেৱক হলধৰ ভূঞা,ডা: ললিত চন্দ্ৰ বৰুৱা,মহী চন্দ্ৰ বৰা,হংসধৰ নাথৰ দৰে মহান ব্যক্তিসকলৰ সমাজ সেৱা আৰু নি:স্বাৰ্থ সেৱাক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। পাছত মিশ্যনৰ জ্যেষ্ঠ সদস্য ক্ৰমে ডা: লক্ষ্মীকান্ত ভট্টাচাৰ্য্য,তিলক চন্দ্ৰ মজুমদাৰ,ডা: কমল লস্কৰ, প্ৰবীন নাগৰিক তথা প্ৰাক্তন বিধায়ক জগদীশ দাস আৰু মিশ্যনৰ বৰ্তমানৰ সভাপতি ডা: ধীৰেন বৰকাকতিক নিজ নিজ বাসগৃহত গৈ মিশ্যনৰ বিষয়ববীয়া আৰু কৰ্মচাৰী সকলে ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সন্ধিয়া মিশ্যন চৌহদত ৭৩ গছি বন্তি প্ৰজ্বলনেৰে পোহৰাই তোলে। এই বন্তি প্ৰজ্বলন কাৰ্যসূচীত মুখ্য প্ৰজ্বলক হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সদস্য ভাৰত চন্দ্ৰ দেৱগোস্বামীয়ে।